গুৰু প্ৰসাদ শৰ্মাৰ গ্ৰন্থ ‘The Grammar of life’ উন্মোচন, চানমাৰিস্থ সদৌ অসম সাংবাদিক কল্যাণ ন্যাস সভাগৃহত অতি বৰ্ণময় কাৰ্যসূচী


গুৰু প্ৰসাদ শৰ্মাৰ গ্ৰন্থ ‘The Grammar of life’ আজি উন্মোচিত হৈ যায় চানমাৰিস্থ সদৌ অসম সাংবাদিক কল্যাণ ন্যাস সভাগৃহত অতি বৰ্ণময় কাৰ্যসূচীৰে। অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী বিষয়া ভৱ কান্ত বৰাই
বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানত কবিতা শৰ্মাই সৰস্বতী বন্দনা পৰিবেশন কৰি অনুষ্ঠানটিৰ নান্দনিক সৌন্দৰ্য প্ৰদীপ্তময় কৰি তোলে। গুৰু প্ৰসাদ শৰ্মাৰ আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত উপস্থিত সকলো সাহিত্যনুৰাগীক কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰদান কৰে আৰু সৃষ্টিৰ উশাহত গ্ৰন্থৰ যাত্ৰাৰ সহচাৰ্য হ’বলৈ সকলোকে আকুল অন্তৰেৰে বিনম্ৰ অনুৰোধ জনায়।


তেওঁ গ্ৰন্থখন জন্মৰ আঁৰৰ কাহিনী আৰু সাৰগৰ্ভ অতি চাতুৰ্যতাৰে কম সময়ত দৰ্শক হৃদয়গ্ৰাহীকৈ ভাষণৰ আগস্থান ৰাখে। প্ৰসংগক্ৰমে উল্লেখ কৰে গ্ৰন্থখন যদিও পোনপ্ৰথমে মাতৃভাষা অসমীয়াত প্ৰকাশৰ যো জা কৰিছিল কিন্তু প্ৰকাশকৰ বিশেষ অনুপ্ৰেৰণাত গ্ৰন্থখন ইংৰাজী ভাষাত প্ৰকাশৰ বাবে মনস্থ কৰিলে। ‘The Grammar of life’ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, গৱেষক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ আসনৰ মূৰব্বী অধ্যাপক তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য ড° নিৰঞ্জন কলিতাই। সংস্কৃতৰ শ্লোকেৰে আৰম্ভ কৰা উদ্বোধনী ভাষণত তেওঁ গ্ৰন্থখনত সন্নিৱিষ্ট অন্তৰ্নিহিত মৰ্মাৰ্থ অতি নিপুণ, নিখুঁত নিগূঢ়ৰূপত দৰ্শকৰ আগত উপভোগ্য আৰু পৰিশীলিত চিন্তাস্ৰোতৰে উপস্থাপন কৰিলে, যাৰ ফলস্বৰূপে উপস্থিত দৰ্শকে উন্মোচনৰ লগে লগে অনুধাৱন কৰিবলৈ সক্ষম হৈছে গ্ৰন্থখন বিশালতা, গভীৰতা, সূক্ষ্মাতিসূক্ষ্ম অনুভৱতা। তেওঁ জীৱন কি? জীৱনবোধৰ বীক্ষা কি? জীৱনৰ আদৰ্শ কি? ইত্যাদি বুজাবলৈ বৈদিক সাহিত্যৰ যেনে – ৰামায়ণ, মহাভাৰত, পুৰাণ ইত্যাদিৰ চৰিত্ৰৰ বৰ্ণনাৰে উত্তৰবোৰ ফহিয়াই চাই, সেইবোৰক প্ৰকাৰন্তৰে ‘The Grammar of life’ গ্ৰন্থখনৰ মাজত পাঠক সমাজে প্ৰকাৰন্তৰে বিচাৰি পাব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে এই গ্ৰন্থখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান NCRT ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা যোগ্যতা অৰ্জন কৰিব বুলি প্ৰবল বিশ্বাস কৰে। মঞ্চ শুৱনি কৰা আন এগৰাকী উন্মোচক বিশিষ্ট সমালোচক, জনপ্ৰিয় লেখক বিপুল শৰ্মাই সাৰুৱা ভাষণত ‘The Grammar of life’ গ্ৰন্থখন ‘বিন্দুতে সিন্ধু ‘ বুলি প্ৰকাশ কৰে। অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী বিষয়া ভৱ কান্ত বৰাই ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে এই গ্ৰন্থখন জীৱনবোধ শিক্ষাৰ বাবে উত্তম গ্ৰন্থ হ’ব বুলি মনে ধৰে। উৎপল বেজবৰুৱাই গ্ৰন্থখন বিশেষ গ্ৰন্থৰ স্থানত আগস্থান পাব বুলি বিশ্বাস প্ৰকাশ কৰে। শিশু-সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস, উত্তৰ পুৰুষৰ মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈকে ধৰি প্ৰায় দুকুৰি গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিবেশত নৱ ডেকাই অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা ‘মই বিপ্লৱী মই তাণ্ডৱী’ আবৃত্তি কৰি জীপাল কৰিবলৈ প্ৰয়াস কৰে। আকাশবাণী গুৱাহাটীৰ ঘোষিকা, বাতৰি পৰিৱেশিকা প্ৰজন্মা চহৰীয়াই আঁত ধৰা অনুষ্ঠানটিত সদৌ শেষত তেওঁ উপস্থিত সুধীবৃন্দৰ ওচৰত দায়-দোষৰ ক্ষমাপ্ৰাৰ্থী হৈ শলাগৰ শৰাই আগবঢ়ায়।

Related Articles