দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ১৩ নৱেম্বৰ: অহা ১৫ নৱেম্বৰৰ পৰা গুৱাহাটীৰ উজান বজাৰৰ লতাশিল খেলপথাৰত আৰম্ভ হ’ব অসম ৰাইজিং কাপ ২০২৬। ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিক আমন্ত্ৰণমূলক কনিষ্ঠ নগদ পুৰস্কাৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ জৰিয়তে ৰাজ্যৰ উদীয়মান ক্ৰিকেট প্ৰতিভাসমূহক নিজৰ দক্ষতা প্ৰদৰ্শনৰ লগতে প্ৰতিযোগিতামূলক অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয় আৰু ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত কনিষ্ঠ পৰ্যায়ৰ ক্ৰিকেট খেল অনুষ্ঠিত হ’ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদীয়মান খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিব। ১৫ নৱেম্বৰ , দেওবাৰে পুৱা ১১ বজাত লতাশিল খেলপথাৰত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব।

ডাটামেচনৰ স্বত্বাধিকাৰী পৱন আগৰৱালাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনীৰ দিনাৰ পৰাই খেলসমূহ আৰম্ভ হ’ব।ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনত আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিছ’চাইটি, জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয় তথা সদৌ অসম সাংবাদিক কল্যাণ ন্যাসে সহযোগিতা আগবঢ়াইছে। অসম ৰাইজিং, দৈনন্দিন বাৰ্তা গোষ্ঠী, ডিবি নিউজ আৰু সাপ্তাহিক জনকল্যাণ বাৰ্তা এই আয়োজনৰ সহযোগী হিচাপে জড়িত হৈ আছে। প্ৰতিযোগিতাখনৰ অন্যতম আয়োজক ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰৰ সভাপতি ড০ জীতেন্দ্ৰ গোস্বামী।
কেন্দ্ৰটোৰ সম্পাদক তথা এন এছ এন আই এছ আৰু এন চি এৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষক ৰঞ্জিত কুমাৰ শৰ্মাও আয়োজনৰ সৈতে জড়িত হৈ আছে। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঁয়ে সমগ্ৰ আয়োজনৰ সমন্বয়ৰ দায়িত্ব পালন কৰিছে। আনহাতে, বুবুল দাসে প্ৰতিযোগিতাখনৰ দায়িত্বত থাকিব।আয়োজকসকলে জানিবলৈ দিয়া মতে, এই প্ৰতিযোগিতাৰ জৰিয়তে কনিষ্ঠ খেলুৱৈসকলক ক্ৰিকেটৰ দক্ষতা বিকাশৰ বাবে উৎসাহিত কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ এক সুসংগঠিত প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা হ’ব। বিদ্যালয় আৰু ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ অংশগ্ৰহণে তৃণমূল পৰ্যায়ত ক্ৰিকেটৰ প্ৰসাৰত সহায় কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে।প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ক্ৰীড়াপ্ৰেমী, ক্ৰিকেট অনুৰাগী আৰু ৰাইজক কনিষ্ঠ খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।
১ম খেল (২৫ অভাৰ) – ব্ৰহ্মপুত্ৰ চি চি চি বনাম গ্ৰীণলেণ্ড চি চি এ (পুৱা ৮:৩০ বজাত) আৰু ২য় খেল (২৫ অভাৰ) – মাছখোৱা চি চি চি বনাম বেলতলা চি চি চি (দুপৰীয়া ১২:০০ বজাত)।

