ঢকুৱাখনাৰ ‘গুডউইল একাডেমী’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপনঃ হাতে লিখা আলোচনী ‘HEART THROB’ উন্মোচন

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে আজি ঢকুৱাখনাতো পৱিত্ৰ শিশু দিৱস উদযাপন কৰা হয়। শিশুৰ অধিকাৰ, শিক্ষা আৰু কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ মূল উদ্দেশ্য আগত ৰাখি ঢকুৱাখনা সমজিলাৰ বিদ্যায়তনিক দিশত উৎকৃষ্ট ফলাফল প্ৰদর্শনেৰে বিশেষ সুনাম অৰ্জন কৰা অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান ‘গুডউইল একাডেমী’ পৰিয়ালেও আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে। ​পুৱা বিদ্যালয় চৌহদত বৃক্ষৰোপণ কাৰ্যসূচীৰে দিনজোৰা অনুষ্ঠানৰ পাতনি মেলা হয়। ইয়াৰ পাছতেই পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা হাতেলিখা আলোচনী “HEART THROB, THE ETERNAL VOICE OF OUR HEART”-ৰ আনুষ্ঠানিক উন্মোচন।

​দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে গীত-নৃত্য আদি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানটোত বিদ্যালয় পৰিয়ালৰ লগতে বহুসংখ্যক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। ছাত্ৰ-ছাত্ৰীসকলৰ এনে সুপ্ত প্ৰতিভা আৰু সৃজনীশীলতাক উপস্থিত অভিভাৱক তথা শিক্ষক-প্ৰশিক্ষকসকলে ভূয়সী প্ৰশংসা কৰে। ​ইপিনে, পৱিত্ৰ শিশু দিৱস উপলক্ষে গুডউইল একাডেমী পৰিয়ালে সমূহ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। এক শুভেচ্ছা বাৰ্তাত শিক্ষানুষ্ঠানখনে নেহৰুৰ কালজয়ী উক্তি “শিশুসকল আমাৰ দেশৰ ভৱিষ্যত” স্মৰণ কৰি কণমানি ছাত্ৰ-ছাত্ৰীসকলক সদায় হাঁহিমুখে থাকি জীৱনত আগুৱাই যাবলৈ আশীৰ্বাদ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

Related Articles