নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান কলং কপিলী বিদ্যাপীঠৰ বাৰ্ষিক দিৱস তথা শিশু দিৱসটি অতি উলহমালহৰে উদযাপন কৰা হয়৷ তদুপলক্ষে আজি পুৱা নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজিত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱসটি উদযাপন কৰা হয়৷
বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে বিভিন্ন গীত মাত সংগীত পৰিবেশন কৰি পৰিবেশটো জীপাল কৰি তুলে৷ কণ কণ শিশু সকলৰ নৃত্য পৰিবেশনে উপস্থিত সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলে৷
বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত আনুষ্ঠানিকভাৱে পৰীক্ষাৰ চাৰ্টিফিকেট সমূহ বিতৰণ কৰা হয়৷ আজিৰ এই অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ-ৰেক্টৰকে প্ৰমুখ্যে কৰি শিক্ষক-শিক্ষয়িত্ৰী সকল, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল উপস্থিত থাকে৷

