ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে উন্মোচন কৰিলে ৰঞ্জিতা বৰদলৈৰ কাব্যগ্ৰন্থ ‘মোৰ এমুঠি অনুভৱ’

‘খোজ অসম’ৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ৬ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ আয়োজন কৰা সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ মঞ্চত আজি কবি ৰঞ্জিতা বৰদলৈৰ কাব্যগ্ৰন্থ ‘মোৰ এমুঠি অনুভৱ’ উন্মোচন কৰে সাহিত্যিক, প্ৰকৃতিপ্ৰেমী তথা প্ৰখ্যাত ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে। উন্মোচনী ভাষণত বৰগোহাঞিয়ে ৰঞ্জিতা বৰদলৈৰ ঘৰখনত প্ৰবাহমান সংগীতৰ পৰিবেশৰ উদ্ধৃতিৰে কবিতাসমূহত গীতৰ উপাদান নিহিত হৈ থকাৰ কথা ব্যক্ত কৰে। যিহেতু ৰঞ্জিতা বৰদলৈৰ স্বামী এগৰাকী বিখ্যাত গীতিকাৰ তথা সুৰকাৰ প্ৰশান্ত বৰদলৈ আৰু জীয়াৰী ইমন বৰদলৈ এগৰাকী সুকণ্ঠী গায়িকা।

যাৰ বাবে ‘মোৰ এমুঠি অনুভৱ’ৰ কবিতাসমূত গীতৰ এক প্ৰবাহ কবিৰ জ্ঞাতে অজ্ঞাতে সংযুক্ত হৈ আছে। সুন্দৰ অনুভৱৰ কবিতাসমূহ গীত হিচাপে পৰিবেশন কৰাৰ এক অৱকাশ আছে বুলি জুৰী বৰা বৰগোহাঞিয়ে উন্মোচনী বক্তব্যত উল্লেখ কৰে। ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ অস্থায়ী প্ৰেক্ষাগৃ্হত ডিব্ৰিগড়ৰ বৌদ্ধিক সমাজ, বহু সংখ্যক গ্ৰন্থপ্ৰেমী আৰু সংস্কৃতিপ্ৰেমীৰ উপস্থিতিত আয়োজিত উন্মোচনী অনুষ্ঠানত সন্মানীয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা, বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈ, ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্‌যাপন সমিতিৰ সাহিত্য উপদেষ্টা, লেখক তথা অধ্যাপক লক্ষীনন্দন বৰগোহাঞি, মুখ্য সমন্বয়ক তথা সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱা, অসমীয়া প্ৰতিদিন কাকতৰ মাজুলীৰ সাংবাদিক, সাংস্কৃতিক কৰ্মী দীপু বৰা, আকাশবাণী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী প্ৰণালী ফুকন।

কবি ৰঞ্জিতা বৰদলৈয়ে পাঠকৰ সঁহাৰি কামনা কৰি উন্মোচক, বিশিষ্ট অতিথি আৰু উপস্থিত সকোলোকে কৃতজ্ঞতা জনায়। অমুষ্ঠানটোৰ সূত্ৰ ধৰে ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্‌যাপন সমিতিৰ মুখ্য আহ্বায়ক বিশিষ্ট লেখক সুমন দত্তই।

Related Articles