“কৃত্ৰিম বুদ্ধিমত্বাই এক চুড়ান্ত পৰ্যায়লৈ গতি কৰাৰ সময়ত,মোবাইল, ইন্টাৰনেটৰ আসক্তিয়ে সকলোকে গ্ৰাস কৰাৰ সময়ত,শিশু সকলৰ মাজত গ্ৰন্থৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিব পৰাতো বৰ ডাঙৰ কথা।আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঢকুৱাখনাৰ নতুন প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ দেখি বৰ ভাল লাগিছে।”-এই মন্তব্য ড° পল্লৱী ডেকা বুজৰবৰুৱাৰ। সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা বিয়লি ১ বজাত বজাত লেখক তথা সাংবাদিক অৰুণ চমুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ স্মৃতি গ্রন্থ ‘গ্রন্থজ্যোতি’ উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ,প্রাধ্যাপক,ড° পল্লৱী ডেকা বুজৰবৰুৱাই উল্লিখিত মন্তব্য আগবঢ়াই-স্মৃতিগ্ৰন্থৰ সম্পাদকে “গ্ৰন্থজ্যোতি” সম্পাদনাত দেখুওৱা দক্ষতা ৰ কথাও উল্লেখ কৰে।উল্লেখ্য যে-ঢকুৱাখনাৰ ৰাইজক আৰু উঠি অহা প্ৰজন্মক নতুন নতুন গ্ৰন্থৰ সৈতে পৰিচয় কৰাই দিবলৈ ২০১৯ চনৰ পৰাই ক্ৰমাগতভাৱে আয়োজন কৰি অহা ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনাৰ কাৰ্যসুচী অনুসৰি দিনৰ- ১১.৩০ বজাৰ পৰা প্রয়াত ৰঙিলী শইকীয়া সোঁৱৰণী বক্তৃতা প্রতিযোগিতা আৰম্ভ হয়।

এই প্ৰতিযোগিতা উদ্বোধন কৰে অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিমান সন্দিকৈয়ে।ইয়াৰ পিছতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।অন্যহাতে বিয়লি- ২ বজাৰ পৰা ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক অমিয় কুমাৰ সন্দিকৈৰ সঞ্চালনাত-প্রবীণ সাংস্কৃতিক কর্মী সকলৰ মাজত এক ‘অন্তৰঙ্গ আলাপ’ অনুষ্ঠান আয়োজন কৰা হয়। প্ৰবীণ শিল্পী ভবেন গোহাঁইয়ে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি -মুকুল চমুৱা,পুতুল দাস,কমল দাস,বুদ্ধিজ্যোতি দাস,ৰাজীৱ তামুলী,থানেশ্বৰ দাস….আদিয়ে মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে এটাকৈ
গীতো পৰিৱেশন কৰে।অন্যহাতে সন্ধ্যা-৫.০০ বজাৰ পৰা প্রয়াত কিৰণ চন্দ্ৰ বৰুৱা সোঁৱৰণী “সাংস্কৃতিক অনুষ্ঠান” আৰম্ভ হয়।
চাইছাৰ কেন্দ্ৰীয় সভাপতি তথা ৰংগভূমিৰ সঞ্চালক কৌস্তভ কিশোৰ চুতীয়াই উদ্ধোধন কৰা এই অনুষ্ঠানত
ক্ৰমে-চেইন্ট থমাচ স্কুল, কান্ত খনিকৰ হাইস্কুল ঘিলামৰা, স্মার্ট চাইল্ড স্কুল, শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা আৰু ঢকুৱাখনা নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অনুষ্ঠান পৰিবেশন কৰে।উল্লেখ্য যে কাইলৈ মুকলি সভাৰে সামৰণি পৰিব সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ সাত দিনীয়া কাৰ্যসূচীৰ।কাইলৈ অন্তিম দিনা পুৱা- ৯.০০ বজাত : প্রয়াত কুমলী গগৈ সোঁৱৰণী প্রার্থনা প্রতিযোগিতা অনুষ্ঠিত হ’ব,দিনৰ ১১.৩০ বজাত-“বৰ্তমানৰ প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে অন্তৰঙ্গ আলাপ”।শীৰ্ষক এক পৰিৱেশ সজাগতা অনুষ্ঠান চলিব।আঁত ধৰিব অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান প্ৰাপ্ত প্ৰকৃতিকৰ্মী দেৱজিৎ ফুকন,অসম বিজ্ঞান,সমিতিৰ উপ-সভাপতি,ড° অমল চন্দ্র দত্ত আৰু শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমল ব্যক্তি বিমান সন্দিকৈয়ে।
দিনৰ- ১২.৩০ বজাত-মুকলি সভা আৰম্ভ হ’ব।মুকলি সভা উদ্বোধন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই।ইফালে ড° গিৰিণ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য অতিথিৰূপে বিধায়ক নৱ কুমাৰ দলেয়ে,বিশিষ্ট অতিথিৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু,সদৌ অসম লেখিকা সমাৰোহ সমিতি সভানেত্ৰী পুষ্পা গগৈয়ে,
নির্দিষ্টবক্তাৰূপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰাই,আমন্ত্রিত অতিথিৰূপে ঢকুৱাখনা সমজিলাৰ আৰক্ষী অধীক্ষক মন্টুৰাম বৰা,চক্ৰ বিষয়া নৱনীতা হাজৰিকাকে আদি কৰি ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। ইফালে বিয়লি-৪.০০ বজাত : সম্বর্ধনা অনুষ্ঠান।বিয়লি-৫.০০ বজাত : প্রয়াত নাট্যকর্মী পীতাম্বৰ গগৈ সোঁৱৰণী ‘সাংস্কৃতিক অনুষ্ঠান’চলিব।এই অনুষ্ঠানত ক্ৰমে- শ্রুতিমালা স্বৰগম ঢকুৱাখনা, সুৰ সমলয়, ঢকুৱাখনা এক্টিং একাডেমী,নর্মাল স্কুলে অনুষ্ঠান পৰিৱেশন কৰিব।

