গুৱাহাটীত লুইত সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত ‘কবিতাৰ সুবাস–১’ কবি সন্মিলন সম্পন্ন
শাৰদীয় আলোচনী ‘দেৱী’ৰ চতুৰ্থ সংখ্যা উন্মোচন; অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫ গৰাকী কবিৰ স্বৰচিত কবিতা পাঠ

সাহিত্য-সংস্কৃতিৰ এক মনোৰম পৰিৱেশৰ মাজত লুইত সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত কালি গুৱাহাটীৰ চান্দমাৰিস্থিত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে ‘কবিতাৰ সুবাস–১’ শীৰ্ষক এক কবি সন্মিলন অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫ গৰাকী বিশিষ্ট আৰু উদীয়মান কবিৰ সমাৱেশেৰে অনুষ্ঠিত এই সন্মিলনখনত প্ৰতিগৰাকী কবিয়ে নিজ নিজ স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে।
পৰিষদৰ মুখ্য উপদেষ্টা কনকেশ্বৰ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অসম সাহিত্য সভাৰ আহ্বায়ক নৱ ৰাজনে কবি সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত পৰিষদৰ শাৰদীয় আলোচনী ‘দেৱী’ৰ চতুৰ্থ সংখ্যা বিশিষ্ট কবি মনজিৎ সিঙে উন্মোচন কৰে।
পৰিষদৰ সভাপতি নৱজিৎ পাটোৱাৰীৰ নেতৃত্বত আৰু প্ৰধান সম্পাদক মণিকা দাসৰ তত্ত্বাৱধানত আয়োজিত অনুষ্ঠানটোত প্ৰথম পৰ্যায়ত আঁত ধৰে পৰিষদৰ মুখপাত্ৰ উৎপল কলিতা ই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ প্ৰধান সম্পাদক মণিকা দাস বাইদেউৱে । আমন্ত্ৰিত কবিসকলৰ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট অনুবাদক তথা সমালোচক ড° ভবেন্দ্ৰ কলিতাই।
কবি সন্মিলন গায়ন-বায়নৰ অৰিন্দম চাংকাকতি দ্বাৰা পৰিবেশিত দলটিয়ে শুভাৰম্ভ হয় । আমন্ত্ৰিত কবি হিচাপে কবিতা পাঠ কৰে ক্ৰমে ড° লক্ষ্মীন্দ্ৰ কুমাৰ সিংহ, ড° জয়ন্ত কুমাৰ মান্তা, মনহৰি বায়ন, লক্ষ্যহীৰা শইকীয়া, হৰেন পাটোৱাৰী, কুশল দত্ত, ৰবীন ভূঞা, ড° আৰমেদা আহমেদ, মিৰ্জা হুমায়ুন কবীৰ, অতুল দাস, বিচিত্ৰ পাঠক, গিৰিজা শৰ্মা,হিমাংশু পাঠক, ৰঞ্জিতা দাস, অৰ্চনা ঠাকুৰীয়া, ধ্ৰুৱজ্যোতি দাস, শাশ্বতী শৰ্মা, নিৰ্জু নিশা দত্ত, মিঃ লিমছে, লুৎফুৰ ৰহমান, দাৰ্মী, সুশান্ত বৰুৱা, নীল অৰণ্য, আৰু উদীয়মান কবি বাৎস্যায়নে।
তাৰোপৰি যুৱ লেখিকা, শ্ৰোতা কবি ইলামণি শইকীয়া, তিলক দাস, বন্দিতা তালুকদাৰ, ৰাবিয়া বেগম, ফুলমণি দাস, দেৱযানী ৰাজবংশী, পূৰৱী দেৱী আদিকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

অনুষ্ঠানটিত বৰগীত, কোৰাছ, গায়ন-বায়ন আদিৰ পৰিৱেশনে এক আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত কেইবাগৰাকীও সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰি উপস্থিত দৰ্শক-শ্ৰোতাক আপ্লুত কৰে।
সাহিত্য, সংগীত আৰু সংস্কৃতিৰ এক অপূৰ্ব সমন্বয়ৰ মাজেৰে অনুষ্ঠিত ‘কবিতাৰ সুবাস–১’ৰ সফল সামৰণি পৰে অসম সংগীত পৰিৱেশনেৰে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবিসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ লগতে অসমীয়া কাব্য-সাহিত্যৰ চৰ্চা আৰু বিকাশৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।

