মঙলদৈত প্ৰভাত ফেৰীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক ওপজা দিন পালনঃ কায়িক উপস্থিতি নাই, কিন্তু প্ৰতিটো সুৰতে জীৱন্ত জুবিন; কালজয়ী গীতেৰে ওপজা দিন উদযাপন

কায়িক উপস্থিতি নাই, কিন্তু হৃদয়ৰ পৰা আঁতৰি যোৱা নাই। গীতৰ সুৰে, স্মৃতিৰ আবেগে আৰু অগণন অনুৰাগীৰ ভালপোৱাৰে আজিও অসমীয়াৰ হৃদয়ত জীৱন্ত হৈ আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আজি শিল্পীগৰাকীৰ ৫৪ সংখ্যক ওপজা দিনত মঙলদৈত এক আবেগিক পৰিৱেশৰ মাজত পালন কৰা হয় জন্মদিন।

মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত আৰু মঙলদৈবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই বিশেষ জন্মদিনৰ অনুষ্ঠান। জন্মদিনৰ পুৱাতে প্ৰভাত ফেৰীৰ জৰিয়তে শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি স্মৰণ কৰা হয় অসমৰ সংগীত জগতৰ এই মহান শিল্পীজনক। জুবিন গাৰ্গৰ গীতৰ সুৰেৰে মুখৰিত হৈ পৰে পুৱাৰ পৰিৱেশ। প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰা অনুৰাগীসকলে গীতৰ মাজেৰে শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ ভালপোৱা, শ্ৰদ্ধা আৰু আবেগ প্ৰকাশ কৰে।প্ৰভাত ফেৰী উদ্ধোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী নীলিমা দেৱীয়ে, উপস্থিত থাকে মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, শিল্পী প্ৰাঞ্জল শৰ্মা,ৰিন্তী মনি ডেকা, দিন বন্ধু চহৰীয়া, সাহিত্য, সাংস্কৃতিক কৰ্মী ডাঃ মৃন্ময় কুমাৰ নাথৰ লগতে শতাধিক লোক।

অসমীয়া সংগীত জগতত জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক বা সংগীত শিল্পী নহয়, তেওঁ এক আবেগ, এক অনুভৱ আৰু এক প্ৰজন্মৰ প্ৰতিবাদী কণ্ঠ। তেওঁৰ গীতত প্ৰতিফলিত হৈছে প্ৰেম, বিষাদ, জীৱনবোধ, মানৱতা, সমাজ সচেতনতা আৰু অসমীয়া জাতীয় চেতনাৰ বিভিন্ন দিশ। সেইবাবেই তেওঁৰ গীত আজিও প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সমানেই জনপ্ৰিয় আৰু প্ৰাসংগিক হৈ আছে।

শিল্পীগৰাকীৰ কায়িক অনুপস্থিতিয়ে অনুৰাগীৰ হৃদয়ত সৃষ্টি কৰা শূন্যতা পূৰণ কৰিব পৰা নাই কোনো শক্তিয়ে। কিন্তু তেওঁৰ সৃষ্টিৰাজিয়ে সেই শূন্যতাৰ মাজতো এক আশাৰ সুৰ হৈ বাজি আছে। ওপজা দিনৰ এই বিশেষ ক্ষণত প্ৰভাত ফেৰীৰ জৰিয়তে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি অনুৰাগীসকলে যেন পুনৰ এবাৰ অনুভৱ কৰিলে শিল্পীগৰাকীৰ সান্নিধ্য।

মঙলদৈত অনুষ্ঠিত এই জন্মদিন উদযাপনে প্ৰমাণ কৰিলে যে শিল্পীৰ মৃত্যু হ’লেও শিল্প কেতিয়াও মৃত্যুবৰণ নকৰে। মানুহৰ হৃদয়ত স্থান লাভ কৰা শিল্পী এজন সময়ৰ সীমা অতিক্ৰম কৰি চিৰদিনৰ বাবে জীয়াই থাকে। জুবিন গাৰ্গো তেনে এগৰাকী শিল্পী, যাৰ কণ্ঠ, গীত আৰু সৃষ্টিৰাজি অসমীয়াৰ হৃদয়ত যুগ যুগ ধৰি অনুৰণিত হৈ থাকিব।

মঙলদৈৰ এই প্ৰভাত ফেৰী কেৱল জন্মদিন উদযাপনেই নহয়, ই আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ নিঃশেষ নোহোৱা ভালপোৱা, শ্ৰদ্ধা আৰু আবেগৰ এক সজীৱ প্ৰকাশ।

Related Articles