নগাঁও জিলাৰ কচুৱাৰ ২ নং জুকুতাস্থিত জুবিন আদৰ্শ বিদ্যাপীঠত আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনত পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি একাষাৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰে উপস্থিত ৰাইজে।
বিশিষ্ট সমাজসেৱক আব্দুল ৱাহাবৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাচান, প্ৰবক্তা মোক্তাৰ হুছেইন, মৌছিনা খাতুন ফৰাজী, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ইমৰান হুছেইন, উদীয়মান যুৱ নেতা মতিউৰ ৰহমান, সমাজসেৱক জহুৰ আলী, উমৰ আলীকে ধৰি সমাজৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে আৰছাদ আনুৱাৰ হুছেইন আৰু ৰুহিত সৰকাৰে গীত পৰিৱেশন কৰে। আনহাতে, মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদীয়মান কণ্ঠশিল্পী অৰহান আহমেদে গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক জীপাল কৰি তোলে।জুবিন গাৰ্গৰ সংগীত, আদৰ্শ আৰু কৰ্মৰাজি নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে বিদ্যালয়খনত আয়োজন কৰা এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ ব্যাপক সহযোগিতা পৰিলক্ষিত হয়।

