দুলীয়াজানৰ ত্ৰিপল হত্যাকাণ্ডঃ ডিব্ৰুগড় সদৰ আৰক্ষী চকীৰ পৰা দুই অভিযুক্তক দুলীয়াজানলৈ স্থানান্তৰ। আজি জেৰা চলোৱাৰ লগতে ঘটনাস্থলীত ক্ৰাইম ছিন ৰিক্ৰিয়েশ্যন।
দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল হত্যাকাণ্ডৰ তদন্ত অব্যাহত। ডিব্ৰুগড় সদৰ আৰক্ষী চকীৰ পৰা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসক ইতিমধ্যে দুলীয়াজানলৈ লৈ যোৱা হৈছে। আজি দুয়োগৰাকী অভিযুক্তক আৰক্ষীয়ে পৃথকে পৃথকে আৰু পুংখানুপুংখভাৱে সোধা-পোছা কৰাৰ সম্ভাৱনা আছে।
হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ লক্ষ্যৰে আৰক্ষীয়ে দুয়োগৰাকী অভিযুক্তক জেৰা চলাব। তদন্তৰ স্বাৰ্থত তেওঁলোকক ঘটনাস্থলীলৈ লৈ গৈ আজি ক্ৰাইম ছিন ৰিক্ৰিয়েশ্যন কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়াও লাভ কৰা হোৱা নাই।
উল্লেখ্য যে, দুলীয়াজানৰ চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই গোচৰত আৰক্ষীয়ে ৰাজু দাস আৰু আমিৰ দাসক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সাত দিনৰ আৰক্ষী জিম্মাত লৈছে।
আৰক্ষীৰ আজিৰ জেৰা আৰু পৰৱৰ্তী তদন্তত এই লোমহৰ্ষক হত্যাকাণ্ডৰ বহু অজান তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

