নগাঁৱৰ সাতগৰাকী বিশিষ্ট ব্যক্তিক সূৰ্য্য ষষ্ঠী দীনেশ সিং কৰ্মবীৰ সন্মানৰে সম্বৰ্ধনা

নগাঁৱৰ সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতি উদ্যোগত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা সাতগৰাকী বিশিষ্ট ব্যক্তিক সূৰ্য ষষ্ঠী দীনেশ সিং কৰ্মবীৰ সন্মানেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নগাঁও গুৰুদ্বাৰাৰ সভাপতি চৰ্দাৰ সুৰেন্দ্ৰ সিং সাহনী, তপন দাস, সহযোগী অধ্যাপক ডাঃ সঞ্জয় ৰানা সিং, প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী, সভাপতি শ্যাম বাবু সাহৰ দ্বাৰা দীপ প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে সমিতিৰ সভাপতি শ্যাম বাবু সাহ আৰু কাৰ্যকৰী সভাপতি বীৰেশ সাহনীয়ে অতিথিসকলক ফুলাম গামোচা, স্মৃতিগ্ৰন্থ, জাপি, আৰু উদ্ধৃতি পত্ৰৰে সম্বৰ্ধনা জনায়।


সম্বৰ্ধনা লাভ কৰা সকলৰ ভিতৰত আছে মৰিকলং চাৰিআলি নিবাসী সমাজসেৱক গোলাপ শইকীয়া, স্বৰাজ নাথ, প্ৰতিষ্ঠিত ঠিকাদাৰ প্ৰেম নাহাতা, ধৰমনাথ প্ৰসাদ, প্ৰয়াত লালবাবু সিং, প্ৰয়াত ৰামচন্দ্ৰ গিৰি গোস্বামী, আৰু সমাজসেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শংকৰ যাদৱ। শ্যাম বাবু শ্বাহক শ্ৰেষ্ঠ সভাপতি বঁটা প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত সন্মানীয় সকলে ছঠ মহাপৰ্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমিতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।


এই উপলক্ষে কমিটীয়ে উল্লেখ কৰে যে প্ৰয়াত দিনেশ সিং কষ্ট আৰু সমাজ সেৱাৰ নিদৰ্শন আছিল। তেওঁৰ স্মৃতিত এইবাৰ নিস্বাৰ্থভাৱে সমাজ সেৱা কৰি থকা ব্যক্তিসকলক সন্মান জনোৱা হয়। অনুষ্ঠানত সোণম চৌহান, ৰাকেশ সিং, প্ৰেম চান্দ চৌহান, সাকেট কুমাৰ, অংকজ শ্বাহ, কৌশল সিং, প্ৰাণেশ সিংকে ধৰি স্থানীয় শিল্পীৰ ধৰ্মীয় নৃত্য আৰু ভজন আদিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ লগতে দৰ্শকে পূৰ্ণ উপভোগ কৰে। অনুষ্ঠানটো সফল কৰি তোলাত কোষাধ্যক্ষ ৰমাকান্ত শৰ্মা, যুটীয়া সম্পাদক গণেশ গুপ্তা, ৰঞ্জিত শৰ্মা, আৰু সকলো সমিতিৰ সদস্যই প্ৰশংসনীয় অৱদান আগবঢ়ায়।

Related Articles