দৰঙৰ ধূলাত বাহন চুৰিৰ ঘটনাঃ দোকানৰ সন্মুখৰ পৰা নিশা চুৰি হ’ল বলেৰ’

দৰঙৰ ধূলাত পুনৰ বাহন চুৰিৰ ঘটনা।

দোকানৰ সন্মুখৰ পৰা নিশা চুৰি হ’ল বলেৰ’।

দৰং জিলাৰ ধূলাৰ টাংনি চাৰিআলিত সংঘটিত হৈছে এখন বলেৰ’ বাহন চুৰিৰ ঘটনা।

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত টাংনি চাৰিআলি তেল ডিপোৰ সমীপৰ এখন দোকানৰ সন্মুখত নিশা পাৰ্কিং কৰি থোৱা অৱস্থাৰ পৰা চোৰে লৈ যায় বলেৰ’ বাহনখন।

মাজনিশা প্ৰায় ১ বজাত কোনো লোক নথকাৰ সুযোগত চোৰে বাহনখন চুৰি কৰি নিয়ে বুলি সন্দেহ কৰা হৈছে। প্ৰায় দুই ঘণ্টাৰ পিছত বাহনৰ গৰাকীয়ে উভতি আহি বাহনখন নেদেখি হতবাক হৈ পৰে।

চুৰি হোৱা বলেৰ’ বাহনখনৰ নম্বৰ হৈছে AS-01-GN-2411।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বাহনৰ গৰাকী খাইৰুল হকে খাৰুপেটীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আনহাতে, কোনো লোকে বাহনখনৰ সন্ধান পালে 93657 94150 নম্বৰত যোগাযোগ কৰিবলৈ ভুক্তভোগী গৰাকীয়ে ৰাইজক আহ্বান জনাইছে।

এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই বাহন চুৰিৰ ঘটনাৰ প্ৰকৃত ৰহস্য।

Related Articles