সামাজিক মাধ্যমৰ পৰা বিদায় ঘোষণা জুবিন ভগ্নী পামী বৰঠাকুৰৰ

সামাজিক মাধ্যম আৰু ব্যৱহাৰ নকৰে পামী বৰঠাকুৰে। পামী বৰঠাকুৰৰ স্পষ্টীকৰণ। সামাজিক মাধ্যম কিয় ব্যৱহাৰ নকৰে জুবিন ভগ্নী পামী বৰঠাকুৰে স্পষ্টীকৰণ দি ক’লে-

‘এটি স্পষ্টীকৰণ….

“যি সকলে social media ত কুৎসা – ৰতনা কৰে, অপবাদ চৰ্চা কৰে সেইসকল জাৱৰ।” – সম্পূৰ্ণ বাক্যটো এইটো আছিল, মই যোৱাকালি কথাষাৰ কোৱাৰ সময়ত অত্যন্ত ক্ষুব্ধ আৰু অত্যাধিক আৱেগিক হৈ আছিলো বাৱে সম্পূৰ্ণকৈ ক’বলৈ থাকি গ’ল আৰু জুবিন দাৰ অনুৰাগীসকললৈ এটা ভূল message গ’ল। তাৰবাবে মই দুঃখিত। আজি মোৰ কথাষাৰ শুদ্ধকৈ আৰু সম্পূৰ্ণকৈ কৈছোঁ। জুবিন দাৰ অনুৰাগী সকলক দুঃখ দিয়াৰ মনোভাৱ মোৰ কেতিয়াও নাছিল আৰু কেতিয়াও এনে কাম মই নকৰোঁ। তেওঁলোকক দাদাই নিজৰ সন্তানৰ স্থান দি থৈ গৈছে, সেই কথা মই শ্ৰদ্ধা কৰোঁ।

বাকী জাৱৰ বিলাকলৈ মোৰ স্থিতি একেই আছে।

যোৱা এবছৰে অকল জুবিন দাৰ ন্যায় যুদ্ধৰ বাবে social media ত active হৈ আছিলোঁ। কিন্তু এতিয়া বুজি উঠিছোঁ যে social media ৰ বিকৃত পৰিৱেশে কেনেকৈ মোক ‘ মই ‘ ৰ পৰা লাহে লাহে পৰিবৰ্তন কৰিবলৈ লৈছে। এনে ঋণাত্মক পৰিবৰ্তন মোৰ কাম্য নহয়। জুবিন দাৰ বাৱে বহুত কৰিবলগীয়া কাম আছে, সময়ৰ ব্যৱহাৰ উপযুক্ত কামত কৰিম। আৰু জুবিন দাৰ ন্যায়ৰ বাৱে সদায় মাত মাতি যাম।

So, I am signing off from the social media as of now.

‘व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || २.४१ ||’

Vyavasāyātmikā buddhir ekeha kuru-nandana

Bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyinām

This shloka speaks directly to having a single-pointed focus on your duty rather than getting pulled into endless noise, scattered thoughts, or meaningless chatter.’

Related Articles