এহাল অসহায় পিতৃ-মাতৃক তাৎক্ষণিক ন্যায় প্ৰদানেৰে প্ৰশংসা বুটলিছে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে

এগৰাকী সৎ আৰু দক্ষ আৰক্ষী বিষয়া ৰূপে নিজৰ দায়িত্ব-কৰ্তব্য নিষ্ঠাৰে পালন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হ’ল আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথ। এজাহাৰ দাখিলৰ ১ ঘণ্টাৰ ভিতৰতে দোষীক কৰায়ত্ত কৰিলে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে।

ঘটনাৰ বিৱৰণী অনুসৰি কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এহাল ৭০ ঊৰ্ধ্বৰ বৃদ্ধ পিতৃ-মাতৃৰ অসহায় জীৱন গাঁথা।

অভিযোগ অনুসৰি হাজোৰ পতনিত ইছলামুদ্দিন আহমেদ নামৰ এগৰাকী ৭০ ঊৰ্ধ্বৰ ব্যক্তিয়ে ২০ বছৰ পূৰ্বে নিজ হাজোত ১৯৬ নং দাগৰ, ১০ নং পট্টাৰ নিজে ক্ৰয় কৰা মাটিৰ আধা অংশ তেওঁৰেই পুত্ৰ ৰেকিবুল ইছলাম আৰু নায়মুল ইছলামক প্ৰদান কৰাৰ পিছত বাকী থকা মাটিৰ অংশত ইছলামুদ্দিন আহমেদে নিজে ঘৰ সাজি থাকিবলৈ বিচৰাত বাধা প্ৰদান কৰি বৃদ্ধ পিতৃ-মাতৃ আৰু ভনীয়েক আৰিফা ইছলামক গালি-গালাজ পাৰি গুৰুতৰ প্ৰহাৰ কৰে পুত্ৰ ৰেকিবুল ইছলাম, বোৱাৰী ৰিজুমা বেগম, আৰু দ্বিতীয় পুত্ৰ নায়মুল ইছলাম, বোৱাৰী সুস্মিতা চৌধুৰীয়ে। যাৰ বাবে অসহায় ৰোগীয়া পিতৃ-মাতৃ আৰু ভগ্নীয়ে নিজৰ ঘৰ-মাটি থকাৰ পিছতো ভাড়াঘৰত দিন কটাবলগীয়া হৈছে।

যোৱা ইং ২৫ নৱেম্বৰত ইছলামুদ্দিন আহমেদে তেখেতৰ আধা অংশ মাটি লাট মণ্ডলক লগত লৈ জোখ-মাখ কৰিব যাওঁতেই গালি-গালাজ পাৰি পিতৃ-মাতৃ-ভনীয়েকক গুৰুতৰ প্ৰহাৰ কৰি অশালীন গালি-গালাজ পাৰে কুলাংগাৰ পুত্ৰ-বোৱাৰীয়ে। যাৰ পৰিপ্ৰেক্ষিতত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ ১ ঘণ্টা পিছতেই দোষীক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে।

আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথৰ তাৎক্ষণিক উচিত পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ইছলামুদ্দিন আহমেদসহ তেওঁৰ কন্যা আৰিফা ইছলামে।

উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ ওচৰ চাপিছিল ভুক্তভোগীয়ে। আনকি ২০২৪ চনত বাইহাটা চাৰিআলিত দ্বিতীয় পুত্ৰ নায়মুল ইছলামে থকা মাটিত পিতৃ ইছলামুদ্দিন আহমেদে গাঁঠিৰ ধনেৰে ঘৰ সাজি দিয়াৰ পিছত পিতৃ-মাতৃক বাইহাটা চাৰিআলীৰ ঘৰৰ পৰা উলিয়াই দি মানসিক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পিতৃ-মাতৃয়ে।

কুলাংগাৰ পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বাবে অসহায় দিশহাৰা জীৱন কটাবলগীয়া হৈছে পিতৃ-মাতৃ-কন্যাই।

Related Articles