সাঁচি ৰখা সপোনক দৌৰি দৌৰি সাৰ্থক কৰিলে সোণতলীৰ ৰাশিদা বেগমেঃ ইয়ুথ এম্পায়াৰমেন্ট ফ’ৰাম ডিফেন্স একাডেমীত আনন্দ উল্লাস

সপোন দেখিলে সপোন পূৰণ হয়। তাৰেই জীৱন্ত প্ৰমাণ দাঙি ধৰিলে কামৰূপ জিলাৰ বৃহত্তৰ সোণতলী অঞ্চলৰ সেলেসুতি গাঁৱৰ ৰাশিদা বেগমে। চৰাঞ্চলৰ দৰে দুৰ্গম আৰু পিছপৰা অঞ্চলৰ পৰা প্ৰথমগৰাকী মহিলা আৰক্ষী কনিষ্টবল হিচাপে চাকৰি লাভ কৰি সমগ্ৰ সোণতলীবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ৰাশিদাই। সেলেসুতি গাঁৱৰ ৰহিম উদ্দিন আৰু মনোৱাৰা বেগমৰ কন্যা ৰাশিদা বেগমে অসম আৰক্ষীৰ বাছনি পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত গোলাঘাটৰ লাচিত বৰফুকন পুলিচ একাডেমিত ১১ মাহৰ কঠোৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰে। প্ৰশিক্ষণ শেষ কৰি বৃহস্পতিবাৰে নিজ গাঁৱৰ ঘৰত উপস্থিত হয় ৰাশিদা। ঘৰত উপস্থিত হোৱাৰ লগে লগে ৰাশিদাক আদৰিবলৈ গাঁৱৰ ৰাইজে ভিৰ কৰে। সোণতলীৰ ইউথ এম্পাৱাৰমেন্ট ফ’ৰাম ডিফেঞ্চ একাডেমীৰ শিক্ষকবৃন্দ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় সচেতন ৰাইজে ফুলাম গামোচা আৰু ফুলৰ মালাৰে ৰাশিদাক উষ্ম সম্বৰ্ধনা জনায়। সংবাদ মাধ্যমৰ আগত ৰাশিদা বেগমে কয়, “মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰিটো পাইছোঁ। ইয়াৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত এতিয়া মেধাৰ ভিত্তিত চাকৰি পোৱা যায় বুলি মই প্ৰমাণ পালোঁ।” তেওঁ লগতে কয়, “চৰৰ ছোৱালী বুলি বহুতে হাঁহিছিল। কিন্তু মোৰ মা-দেউতাই মোক সদায় সাহস দিছিল। মই সকলো ছোৱালীকে ক’ব বিচাৰোঁ, সপোন দেখিবলৈ ভয় নকৰিবা, কষ্ট কৰিলে সপোন পূৰণ হ’বই।” উল্লেখ্য যে, আৰক্ষীৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱাৰ পূৰ্বে ৰাশিদাই সোণতলীৰ ইউথ এম্পাৱাৰমেন্ট ফ’ৰাম ডিফেঞ্চ একাডেমীৰ পৰা শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ প্ৰশিক্ষণ লৈছিল। একাডেমিৰ শিক্ষকসকলে ৰাশিদাৰ এই সফলতাক সমগ্ৰ চৰাঞ্চলৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। চৰাঞ্চলৰ দৰে দুৰ্গম এলেকাৰ পৰা এগৰাকী যুৱতীয়ে আৰক্ষী বিভাগত চাকৰি লাভ কৰাটো অঞ্চলটোৰ বাবে কেৱল এটা চাকৰি পোৱা খবৰ নহয়, ই এক নতুন যুগৰ আৰম্ভণি বুলি মন্তব্য কৰে ইয়ুথ এম্পাৱাৰমেন্ট ফ’ৰাম একাডেমীৰ শিক্ষক-প্ৰশিক্ষকে।

Related Articles