ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ’বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে । একাংশ লোকৰ যাতাযয়তৰ প্ৰধান আহিলা এই স্থানীয় পেচেঞ্জাৰ ট্ৰেইন সমূহ ।যিহেতু অসমত ৰে’লৰ যোগেদি এক বৃহত্তৰ পৰিসৰৰ ৰাইজে দৈনিক অহাযোৱা কৰে এই ট্ৰেইন সমূহেৰে । বৰ্তমান সময়ত পেচেঞ্জাৰ ট্ৰেইন সমূহৰ ভিতৰত কেৱলমাত্ৰ নিউবঙাইগাঁওৰ পৰা গুৱাহাটীলৈ চলা মানস ৰাইনো পেচেঞ্জাৰ ট্ৰেইন খনৰ বাহিৰে অন্য ট্ৰেইন সমূহৰ চলাচল বন্ধ হৈ আছে । অসমৰ ৰাইজৰ সুবিধাৰ্থে অন্য পেচেঞ্জাৰ ট্ৰেইন সমূহ অচিৰেই পুণৰ চলাচলৰ ব্যৱস্থা কৰিবৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেলক ৪ জুন ২০২১ তাৰিখে আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । সাংসদ কলিতাৰ এই আহ্বানক ৰেলমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰেল বিভাগক এই সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মঙ্গলবাৰে ৰাতিপুৱা উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ মুখ্যকাৰ্যলয়ৰ তৰফৰ পৰা সবিশেষ বিচাৰি সাংসদ ভূৱনেশ্বৰ কলিতাৰ সৈতে যোগাযোগ কৰে আৰু কলিতাই”নিউবঙাইগাঁও-ৰঙিয়া-গুৱাহাটী” মুখ্য পথৰ ট্ৰেইন সমূহ ক্ৰমে১) ১৫৭৬৯ নং আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ।২) ৫৫৭৫৩ নং আলিপুৰদুৱাৰ-গুৱাহাটী পেচেঞ্জাৰ ।৩) ১৫৭৬১ নং আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ ।৪) ৫৫৮১০ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।৫) ৫৫৮১৮ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ । “ৰঙাপাৰা-ৰঙিয়া-গুৱাহাটী” পথৰ ট্ৰেইন সমূহ -১) ৫৫৮৯৪ নং ৰঙাপাৰা ৰঙিয়া পেচেঞ্জাৰ ।২) ১৫৮১৬ নং ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ।৩) ৫৫৮৬২ নং ডেকাৰগাঁও-ৰঙিয়া পেচেঞ্জাৰ ।৪) ৫৫৮৯৬ নং মুৰ্কংচেলেং-ৰঙিয়া পেচেঞ্জাৰ এই ট্ৰেইন সমূহ পুণৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰোৱাৰ বাবে আহ্বান জনাই । জানিবপৰামতে অতি কমদিনৰ ভিতৰত এই ট্ৰেইন সমূহ নিৰ্ধাৰিত স্থানৰ পৰি চলাচল কৰিব।ৰাইজে দীৰ্ঘদিন ধৰি ভূগি থকা যাতায়াতৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় ৰেলমন্ত্ৰী পিয়ুষ গোৱেলৰ লগতে উক্ত সমস্যাটো সাংসদ কলিতাৰ দৃষ্টিগোচৰ কৰোৱা সদৌ অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ