Breaking

কলিয়াবৰ মহকুমা কাৰ্য‍্যালয়ৰ কৰ্মচাৰীৰ বৰভগীয়াৰ বাসগৃহৰ পৰা চোৰে চুৰ কৰি নিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ

0 54

কলিয়বৰ :

কলিয়াবৰত  দিনতে সংঘটিত হ’ল চুৰি কাৰ্য‍্য। ঘৰত কোনো নথকাৰ সুযোগতে দিনৰ পোহৰতে চোৰে লুট কৰিলে নগদ ধন আৰু সোণৰ আ-অলঙ্কাৰ।কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয়ৰ কৰ্মচাৰী ধ্ৰুৱজ‍্যোতি বৰাৰ বৰভগীয়াৰ নিজ বাসগৃহৰ পৰা চোৰে দিনতে সৰকালে নগদ ৩০-৩৫ হাজাৰ টকা আৰু লক্ষাধিক টকাৰ আ-অলঙ্কাৰ। পুৱা ঘৰৰ আন সদস‍্যক সমীপৰে মন্দিৰ এটাত পূজাৰ বাবে নমাই কলিয়াবৰ তিনি আলিৰ নিজ কাৰ্য‍্যালয়ত কৰ্তব‍্যত উপস্থিত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। পৰিয়ালৰ সদস‍্যক পুণৰ বাসগৃহত থবলৈ গৈ চুৰি কাৰ্য‍্য সংঘটিত হোৱা দেখা পাই হতভম্ব হৈ পৰে সকলো। উলুৱনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কলিয়াবৰ মহকুমা প্ৰশাসনৰ কৰ্মচাৰীৰ বাসগৃহতে সংঘটিত হোৱা চুৰি কাৰ্য‍্যই সকলোকে আচৰিত কৰি তুলিছে।

Leave A Reply