নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা বাজিয়াগাৱঁত অভিযান চলাই চুৰি কম্পিউটাৰ চেটৰ সহ দুজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা বাজিয়াগাৱঁত অভিযান চালাই মুছলিম উদ্দিনৰ পুত্ৰ আমজাদ আলি (২৩) আৰু আব্দুল ৰহমানৰ পুত্ৰ হজৰত আলী (২২) নামৰ দুই গভাইত চোৰক আটক কৰে ৷লগতে দুই গভাইত চোৰে চুৰি কৰি অনা কম্পিউটাৰ, মণিটৰ, প্ৰিন্টাৰ, কীবৰ্ড, ষ্টেব্লেজাৰ আদিকে ধৰি বিভিন্ন সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে যোৱা ২ জুলাই তাৰিখে নিশা চামগুৰি পূৰ্ণিমা শইকীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ খনৰ তলা ভাঙি কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰী চোৰে চুৰি কৰি নিছিল ৷পিছদিনা পুৱা বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷আৰক্ষীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি যোৱা নিশা বাজিয়াগাৱঁৰ পৰা দুই গভাইত চোৰক আটক কৰাৰ লগতে উক্ত বিদ্যালয় খনৰ পৰা চুৰি হোৱা কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰীসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত গভাইত চোৰ দুজনে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা দুই গভাইত চোৰক আজি নগাঁও আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…