“মোৰ মনত ভেদ -ভাৱ নাই অ আল্লা, মোৰ মনত ভিন্ন পৰ নাই অ আল্লা, হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান মোৰ মনত একেইটি ভাৱ “” আজান ফকীৰৰ এই বিখ্যাত জিকিৰ ফাঁকিৰ ভাবধৰা পুনৰ দেখিবলৈ পোৱা গল সাংস্কৃতিক ৰাজধানী যোৰহাটত । যোৱা ৪ জুলাইত যোৰহাটৰ ঐতিয্যমণ্ডিত দুই ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধিৰ মহামিলন দেখিবলৈ পোৱা গল যোৰহাটৰ খাজুৰি গুৰিৰ শকাইমুখীয়া গাঁৱৰ বৰনামঘৰত । এই ঐতিয্যমণ্ডিত বৰনামঘৰৰ পুনৰ নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পাৰি যোৰহাটৰ ঐতিয্যমণ্ডিত ন – মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ সম্পাদক সহ এটা প্ৰতিনিধি দল উক্ত বৰনামঘৰত উপস্থিত হৈ নামঘৰৰ নিৰ্মাণৰ কাম চোৱা চিতা কৰাৰ লগতে নামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনা কৰি নামঘৰৰ নিৰ্মাণ বাবে ১২,৭০০ টকাৰ ( বাৰ হাজাৰ সাত শ ) টকাৰ চেক যোগে অনুদান আগবঢ়ায় । ইয়াৰ পূৰ্বে উক্ত নামঘৰটোৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া , সম্পাদক অৰুণ শইকীয়া সদস্য হৰিশ শইকীয়াৰ লগতে পৰিচালনা সমিতিৰ কেইবাজনো বিষয়ববীয়া ই মছজিদ সমিতিৰ প্ৰতিনিধি দলটোৰ সদস্য সকলৰ লগতে সাংবাদিক নেকিব আহমেদকো গামোচাৰে সম্বৰ্ধনা জনাই আদৰণি জনোৱা দেখা গৈছিল । কভিড নীতি নিয়ম অনুসৰি নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আলোচনা সভাখনত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া , সম্পাদক অৰুণ শইকীয়া আৰু সদস্য হৰিশ শইকীয়াই চমু বক্তব্য প্ৰদান কৰাৰ লগতে ন, মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ আলহাজ তৌফিকুল হুছেইন , সম্পাদক তাহমিদুৰ ৰহমানে চমু বক্তব্য আগবঢ়াই । উক্ত অনুষ্ঠানটোত সমাজ কৰ্মী অমৰ বৰুৱা, মছজিদ সমিতিৰ সদস্য জেহিৰ কেৰিমকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল । উল্লেখ্য যে যি সময়ত একাংশ ৰাজনৈতিক নেতাৰ লগতে গোড়ামী ধৰ্মীয় নেতাসকলে নিজৰ লাভালাভৰ বাবে ধৰ্মীয় দোহাই দি সমাজখনক ভাগ ভাগ কৰিবলৈ কলুষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনে সময়তে এনেবোৰ কৰ্মই সমাজখনৰ বাবে আৰ্দশমূলক বাৰ্তা কঢ়িয়াই আনিব সচেতন মহলে উল্লেখ কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…