ক’ভিড-19ৰ দ্বাৰা ৰাজহুৱা পৰিবহন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আন্তঃ জিলাৰ গতিশীলতা সম্পূৰ্ণভাৱে বন্ধ হোৱাৰ ফলত ৰাজ্যৰ চহৰবোৰৰ মটৰ চালক সকলে তেওঁলোকৰ ভৱিষ্যতৰ সাৰ্থকতাৰ বাবে কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হৈছে। তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গৈছে চিৰাঙৰ বাসুগাঁৱত। কভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰা হাত সাৰিবলৈ আন্তঃ জিলা যাতায়ত ব্যৱস্থা বন্ধ হৈ যোৱাৰ পিছত ক্ৰমশঃ জীৱিকাহীন হৈ পৰিছে বাছ চালক সহ কন্ডাক্টৰ-হ্যান্ডিমেন সকল। উপাৰ্জন সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰাত গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। কৰ্ম সংস্থানহীন হোৱা এই দীৰ্ঘ সময়ছোৱাত বিকল্প কোনো কৰ্ম সংযোগ সম্ভৱপৰ হৈ নুঠাত ল’ৰা-ছোৱালীৰ শিক্ষাকে আদি কৰি পৰিয়ালটোৰ পোহপাল দিয়াৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ হৈ উঠাত ক্ৰমাৎ দিশহাৰা হৈ পৰিছে এই বাছ কৰ্মীসকল। এই ক্ষেত্ৰত বাসুগাঁৱৰ ৰাজহুৱা বাছ সন্থাৰ সম্পাদক দীপক সাহা আৰু সন্থাৰ সক্ৰিয় সদস্য খোকন কৰ্মকাৰে কয় যে দীৰ্ঘ সময় ধৰি বাছ পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বাছৰ মালিক সকলৰো উপাৰ্জনো প্ৰায় নাইকীয়া হৈছে।ফলত এনে সংকটৰ সময়ত বাছ কৰ্মী সকললৈ আৰ্থিক সহায় সম্ভৱপৰ হৈ নুঠাত মালিক সন্থাই দুখ প্ৰকাশ কৰিছে আৰু লগতে এই ক্ষেত্ৰত সমূহ বাছ চালক-কন্ডাক্টৰ-হ্যান্ডিমেন সকলোলৈ সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰলৈ শৰণাপন্ন হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…