অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা কালি দিনৰ ২.০০ বজাত মৰিগাঁও জিলা সদৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাত জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে | সভাত জিলা খনত চলি থকা ক’ভিডটিকাকৰণ কাৰ্যসূচী, মজুত অক্সিজেনৰ পৰিমাণ, ১৯ খন আই. চি. ইউ বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মানৰ কাম আদি বিভিন্ন দিশ পৰ্য্যালোচনা কৰে লগতে তাৎখনিকভাবে জিলাখনৰ বাবে ১০ খন এম্বুলেঞ্চ ভাড়ালৈ লবলৈ আৰু অত্যাৱশ্যকীয় ঔষধ আদি স্থানীয়ভাবে ক্ৰয় কৰিবলৈ জিলা উপায়ুক্তক নিদেৰ্শ দিয়ে | লগতে আগন্তুক হব পৰা সাম্ভাব্য বানপানী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা নদীৰ মথাউৰি আৰু গড়াখহনীয়াৰ তথ্য গ্ৰহণ কৰাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগক খাদ্য সামগ্ৰী আৰু গৰুৰ বাবে চাউল, চিৰাৰ গুৰি মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে | লগতে মন্ত্ৰী গৰাকীয়ে জিলা খনলৈ পৰ্য্যাপ্ত পৰিমাণে ক’ভিডভেকচিন প্ৰদানৰো আশ্বাস দিয়ে | আজিৰ সভাত বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত সীমা ৰেখা ভূঞা, জিলা আৰক্ষী অধীক্ষক এ. নটৰাজন, জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে |

