অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা কালি দিনৰ ২.০০ বজাত মৰিগাঁও জিলা সদৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাত জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে | সভাত জিলা খনত চলি থকা ক’ভিডটিকাকৰণ কাৰ্যসূচী, মজুত অক্সিজেনৰ পৰিমাণ, ১৯ খন আই. চি. ইউ বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মানৰ কাম আদি বিভিন্ন দিশ পৰ্য্যালোচনা কৰে লগতে তাৎখনিকভাবে জিলাখনৰ বাবে ১০ খন এম্বুলেঞ্চ ভাড়ালৈ লবলৈ আৰু অত্যাৱশ্যকীয় ঔষধ আদি স্থানীয়ভাবে ক্ৰয় কৰিবলৈ জিলা উপায়ুক্তক নিদেৰ্শ দিয়ে | লগতে আগন্তুক হব পৰা সাম্ভাব্য বানপানী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা নদীৰ মথাউৰি আৰু গড়াখহনীয়াৰ তথ্য গ্ৰহণ কৰাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগক খাদ্য সামগ্ৰী আৰু গৰুৰ বাবে চাউল, চিৰাৰ গুৰি মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে | লগতে মন্ত্ৰী গৰাকীয়ে জিলা খনলৈ পৰ্য্যাপ্ত পৰিমাণে ক’ভিডভেকচিন প্ৰদানৰো আশ্বাস দিয়ে | আজিৰ সভাত বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত সীমা ৰেখা ভূঞা, জিলা আৰক্ষী অধীক্ষক এ. নটৰাজন, জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ