পশ্চিম দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে দৰদী দেৱ ৰয়ে সোমবাৰে কৰ্তব্যত যোগদান কৰে। যোগদানৰ দিনটোতেই পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয় টোৰ মণ্ডল কৰ্মচাৰী সকলে বিষয়া গৰাকীৰ লগত চা চিনাকি হোৱাৰ উপৰিও বিষয়া গৰাকীক মণ্ডল কৰ্মচাৰী সকলে জাতীয় জীৱনৰ চানেকি ফুলাম গামোচাৰে আদৰণি জনায় ।
ইয়াৰ উপৰিও বিষয়া গৰাকীক মঙলবাৰে বৃহত্তৰ পথৰুঘাট অঞ্চলৰ কেবাটাও দল সংগঠনে পাথৰিঘাটলৈ স্বাগতম জনায়। বিষয়া গৰাকী নতুনকৈ আহি কৰ্তব্যত যোগদান কৰি যাতে কাম কৰাৰ উৎসাহ পায় সেই উদ্দেশ্য পথৰুঘাট শাখা সাহিত্য সভাৰ সভাপতি মানিক চন্দ্ৰ ডেকা, উপ সভাপতি তথা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়া শিক্ষক চাহাবুদ্দিন আহমেদ কেওট উন্নয়ন পৰিষদৰ সদস্য পবিত্ৰ প্ৰান ডেকা, , সামাজিক অনুষ্ঠান দ্বীগজ ঐক্য মঞ্চ, পথৰুঘাটৰ সভাপতি কণ আলি হাজৰিকা,মঞ্চৰ সাংগঠনিক সম্পাদক চতীশ ডেকা সদস্য প্ৰাঞ্জল শইকীয়া, প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, আৰু পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘৰ সমাপাদক হাৰুনাৰ ৰচিদ সহ যৌথ প্ৰতিনিধি দল এটাই বিষয়া গৰাকী ক ফুলাম গামোছা গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় । প্ৰতিনিধি দলটোৱে পাথৰিঘাট অঞ্চলৰ সামাজিক ক্ষেত্ৰখনৰ উন্নয়ন ৰ কাৰণে অনাগত দিন বোৰত বিষয়া গৰাকীক সহায় কৰি যাব বুলি মত ব্যক্ত কৰে চক্ৰ বিষয়া দৰদী দেব ৰয়ে ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত কৰ্মৰত হৈ শ্বহীদ ৰ সমাধিত স্ব চকুৰে দেখিবলৈ পাই গৌৰাম্বিত বুলি ব্যক্ত কৰে । তেওঁৰ কাৰ্য কালৰ সময়চোৱাত সকলো সচেতন ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰে ।
মঃইন্দাদুল হক, ছিপাঝাৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…