পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহৰ মূ্ল্যৱান গছ- গছনিৰ ধ্বংসযজ্ঞ ৰুধিবলৈ বনকৰ্মীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ এই ক্ষেত্ৰত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে বকোৰ বন বিভাগে বিশেষ তৎপৰতাৰে অসম- মেঘালয়ৰ সীমান্তলৈকে অব্যাহত ৰাখিছে অভিযান ৷ বৃহস্পতি বাৰে সন্ধিয়া অসম- মেঘালয় সীমান্তত বকো বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক সফল অভিযান ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকোৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ অসম- মেঘালয়ৰ সীমান্তৰ দূৰ্গম অঞ্চল পিচলেংত বনৰক্ষী বাহিনীয়ে চলায় এই অভিযান ৷ উল্লেখ্য, মেঘালয়ৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান চোৰাং কাঠৰ কুণ্ডা বিভিন্ন ঠাইলৈ চোৰাংকৈ সৰবৰাহৰ উদ্দেশ্য সীমান্তৰ পিচলেংত জমা কৰি ৰখা বুলি নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানটোত বন বিভাগে বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । মেঘালয়ৰ পৰা আনি জমা কৰি ৰখা চোৰাং খোকন কাঠৰ এই প্ৰকাণ্ড প্ৰাক্ণ্ড কুণ্ডাসমূহ পিচত বকোৰ বনৰক্ষী বাহিনীয়ে জব্দ কৰি বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ আহে ৷ ইফালে, বনাঞ্চলিক বিষয়াই জনোৱা মতে, মেঘালয়ৰ এই চোৰাং খোকন কাঠৰ কুণ্ডাসমূহ কামৰূপ পাৰ হৈ ব্ৰক্ষ্মপুত্ৰৰ নদী পথেৰে হৈ বৰপেটা জিলাৰ বিভিন্ন ঠাইলৈকে চোৰাং ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । বনৰক্ষী বাহিনীৰ হাতত জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্রায় ৬০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…