ওদালগুৰি জিলাৰ ধনশ্ৰীঘাট, ওৰাং , ৰৌতা মাজবাট আদি অঞ্চলত ওৰাং আৰক্ষীয়ে ইতিমধ্যে ক’ভিড প্ৰ’টকল ভংগ কৰা সকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ ৰাজ্যৰ ৭ খন জিলাত লক ডাউন চলি থকা সময়ত কিছু লোকে ক’ৰোণা নীতি নিৰ্দেশনা একেবাৰেই অৱজ্ঞা কৰি অহাৰ কৰ্ম কাণ্ড বোৰে জিলাখনৰ সচেতন মহলক বাৰুকৈ চিন্তিত কৰি তুলিছে । ওদালগুৰি জিলাত ক’ৰোণাৰ সংক্ৰমন বৃদ্ধি হোৱাত ডিমাকুছি,ধনশ্ৰী,বেটালী,বাহিপুখুৰী চাহ বাগিছা হট স্পট হিচাপে চিহ্নিত হৈ অহা পিছতো ওদালগুৰি জিলাৰ ওৰাং,ৰৌতা,মাজবাট আদি অঞ্চলৰ বজাৰ হাটত ক’ৰোণাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক একাংশ ৰাইজে বুঢ়া আঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে । জিলাখনৰ বেছিভাগ অঞ্চলৰ বজাৰ হাট, দোকান পোহৰ আদিত সঠিক ভাবে মাস্ক পৰিধান নকৰাকৈ বহু লোক ঘূৰি ফুৰাত প্ৰশাসনৰ নীতি নিৰ্দেশনাক অৱজ্ঞা কৰি সমাজৰ বাবে বিপদ মাতি আনিছে । ক’ভিড ১৯ সংক্ৰমনে দিনক দিনে জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাঁচ মহীয়া শিশু পর্যন্ত এই ৰোগৰ কবলত পৰি মৃত্যুৰ মুখত পাৰি অহা ঘটনা পোহৰলৈ অহা স্বত্বেও এতিয়াও সজাগ সচেতন হোৱা নাই বহু লোক । ফলত চিন্তিত হৈছে স্বাস্থ্য কৰ্মী তথা জিলাৰ সচেতন মহল । ৰাজ্যৰ লোকে ক্ৰমান্বয়ে লক ডাউন হ্ৰাস পাব , কিছু পৰিমানে ক’ৰোণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰা সম্ভৱ হব বুলি প্ৰথম অৱস্থাত আশা কৰা হৈছিল যদিও এইসকল অসচেতন লোকৰ বাবে পৰিস্হিতি অধিক বেয়ালৈ গতি কৰিছে । এইসকল অসচেতন লোকে বাইক,চাৰিচকীয়া যান বাহন আদি লৈ যধে মধে ঘূৰি থকাত ওৰাং আৰক্ষী থানাই শ শ লোকক জৰিমনা বিহিব বাধ্য হৈছে ৷স্বাস্থ্য বিভাগ আৰক্ষী প্ৰশাসন , বিভিন্ন দল সংগঠনে ক’ভিড নীতি নিৰ্দেশনা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো সকলো নীতি নিৰ্দেশনা উলঙ্ঘন কৰি বাইক লৈ হেলমেট , লাইচেন্স ,গাড়ীৰ কাগজ পত্ৰ আদি লগত নোলোৱাকৈ অনাই বনাই ঘূৰি ফুৰা লোকৰ উৎপাত প্ৰতিদিনে বৃদ্ধি হোৱাত ওৰাং আৰক্ষীয়ে ক’ভিড আইন,SOP আদি উলঙ্ঘন কৰি বাইক ,গাড়ীত ঘূৰি ফুৰা লোক সকলক জৰিমনা বিহিবলৈ অৱশেষত বাধ্য হৈছে ৷ ক’ৰোণা দ্বিতীয় পৰ্য্যায় আৰাম্ভ হোৱাৰে পৰা ৯ জুলাইলৈকৈ ওৰাং আৰক্ষীয়ে ৮০ হাজাৰ টকা ক’ভিড নীতি নমনা লোকৰ পৰা জৰিমনা বিহিবলৈ সক্ষম হয় । ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপক দাসৰ নেতৃত্বত ক’ভিড প্ৰট’কল আৰু যান বাহন আইন ভংগ কৰা সকলক জৰিমনা কৰা কাৰ্যক ওৰাং সাংবাদিক সংস্থা ,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে প্ৰশংসা কৰাৰ লগতে শলাগ হৈছে ৷তদুপৰি ওৰাং আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ প্ৰতিটো কাৰ্য্যসূচীত প্ৰত্যক্ষ ভাবে সহায় সহযোগিতা কৰি থকা দেখিবলৈ পোবা গৈছে ৷কনটেইণ্টমেট জ’নত,ক’ভিড আক্ৰান্ত সকলে ক’ভিড আইন ভংগ কৰি উৎপাত কৰা সকলকো নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷

