নাজিৰাৰ গেলেকীত এখন মহিলা বজাৰ। নাজিৰাৰ গেলেকী চাৰিআলিত বেচকাৰী সংস্থা ” জ্যোতিমাৰ্গ ” ৰ প্ৰশংসনীয় পদক্ষেপ।নাৰী সবলীকৰণৰ এক বাস্তৱিক পদক্ষেপ দাঙি ধৰিলে জ্যোতিমাৰ্গ নামৰ এক বেচৰকাৰী সংস্থাই।বৃহত্তৰ গেলেকী অঞ্চলৰ মহিলাসকলৰ সহযোগত গঠিত বেচকাৰী সংস্থা “জ্যোতিমাৰ্গ” ৰ মহিলা সকল ৰাজপথলৈ ওলাই আহি থলুৱা ভাৱে উৎপাদিত শাক-পাচলিৰ লগতে বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী আৰু ব্যৱহাৰ্য সামগ্ৰীৰে এখন বজাৰৰ ব্যৱস্থা কৰে নাজিৰাৰ গেলেকী চাৰিআলিত। বিগত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখে কেৱল মহিলা সকলক লৈ নাজিৰাৰ গেলেকীত গঢ় লৈ উঠিছিল এই জ্যোতিমাৰ্গ নামৰ বেচকাৰী সংস্থাটি।এই সংস্থাটিৰ লক্ষ্যই হ’ল গ্ৰাম্য অঞ্চলৰ যি সকল মহিলা তেওঁলোকৰ প্ৰতিভা দাঙি ধৰাৰ লগতে স্বনিৰ্ভৰশীল কৰি তোলা।ক’ৰণা মহামাৰীৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ অসুবিধা হোৱাৰ বাবেই জ্যোতিমাৰ্গ নামৰ এই বেচৰকাৰী সংস্থাটিয়ে সাধাৰণ ৰাইজৰ বাৰীৰ যি সমূহ শাক-পাচলি সেইসমূহ লৈ বজাৰত বিক্ৰী কৰি সাধাৰণ ৰাইজক উপকৃত কৰি তুলিছে।দৈনিক পুৱা ৯-৩০বজাৰ পৰা ১২বজালৈকে নাজিৰা গেলেকীত এই দৰে বজাৰত থলুৱা ভাৱে উৎপাদিত শাক-পাচলি বিক্ৰী কৰে জ্যোতিমাৰ্গে।বিভিন্ন সময়ত নাজিৰা নগৰত,গেলেকীত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে কেৱল মহিলা সকলক লৈ গঠিত এই জ্যোতিমাৰ্গ নামৰ বেচৰকাৰী সংস্থাটিয়ে।

