হৃদ ৰোগ অস্ত্ৰোপ্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান

ওদালগুৰি জিলাৰ ৭০ নং মাজবাট সমষ্টিৰ অন্তৰ্গত ১ নং খামটুবাৰী গাওঁৰ মুকুল শৰ্মাক ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে । আৰ্থিক দৈন্যতাৰ বাবে দীৰ্ঘদিন ধৰি হাৰ্টৰ অসুখত ভুগি থকা দুৰ্ভগীয়া মুকুল শৰ্মাক হাৰ্টৰ অপাৰেচনৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ  পৰা ১ লাখ টকা পাচনৈ চেৰফাং সমষ্টিৰ এম চি এলএ দিপক মৌৰে ১০জুলাইতচেক যোগে প্ৰদান কৰে বিটিএডিৰ পাঁচনৈ চেৰফাং সমষ্টি এম চি এল এ দীপক মৌৰে। প্ৰধানযোগ্য যে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ  শইকীয়াক বিগত সময়চোৱাত পৰিয়ালটোৱে আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন কৰিছিল । পৰিয়ালটোৰ অনুৰোধ ৰক্ষা কৰি সাংসদ শইকীয়াই  ১ লাখ টকা সাহাৰ্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়াত মাজবাটৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ গৰাকীক ।

Related Articles