ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত নাগপট্টিৰ ভাড়া ঘৰত থাকি সীমা মণ্ডলে এতিয়া দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন। হয় যি সময়ত লকডাউনৰ বাবে বহু মানুহ কৰ্মহীন হৈ পৰিছে। ঠিক তেনে সময়তে চাপৰৰ এগৰাকী মহিলাই ঘৰতে গঢ়ি তুলিছে এটা লঘু উদ্যোগ।কাল ক’ৰোনাই মানুহক ঘৰৰ মাজত আবদ্ধ কৰি ৰখাৰ সময়তে সীমাই পূৰ্বতে শিক্ষা লোৱা হস্ত শিল্পৰ শিক্ষাক মূল হিচাপে লৈ আৰম্ভ কৰিলে গণেশৰ প্ৰতিমূৰ্তি, ঝুমৰ, মবাইল ৰখা ঝুলনা আদিৰ লগতে বহুত সামগ্ৰী বনোৱাৰ কাম হাতত ললে।ইতিমধ্যে গনেশৰ প্ৰতিমূৰ্তি,ঝুমৰ, মবাইল ৰখা ঝুলনা আদি বিক্ৰী কৰি স্বাৱলম্বীতাৰ পৰিচয় দাঙি ধৰিছিল। কাল ক’ৰোনাৰ সময়ত বজাৰত মাক্সৰ প্ৰচলন দেখি কাপোৰেৰে মাক্স বনাবলৈ আৰম্ভ কৰিলে সীমাই। কালক্ৰমত মাক্সবোৰ বজাৰত জনপ্ৰিয় হৈ পৰিল। পিছত সেই সমূহ মাক্স বজাৰৰ বিভিন্ন দোকানত বিক্ৰি কৰাৰ উপৰি হস্ত শিল্পৰ কুশল কাৰিকৰিৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী বিক্ৰি কৰি মাহত ৮ ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকী। সীমাৰ কাপোৰৰ মাক্সসমূহ বজাৰত দিনক দিনে চাহিদা বৃদ্ধি হোৱাত এতিয়া বিভিন্ন জিলালৈ ও ৰপ্তানি কৰিবলৈ লৈছে। সীমাই মাক্স আৰু হস্তশিল্পৰ বিভিন্ন সামগ্ৰী সমূহে এতিয়া ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ইচ্ছা থাকিলে উপায় ওলায়। উক্ত কথাফাঁকি সঁচা প্ৰমাণ কৰি দেখুৱালে সীমা মণ্ডলে। প্ৰতি গৰাকী মহিলাক নিজৰ দৰে স্বনিৰ্ভৰশীল হবলৈ আহ্বান জনাইছে সীমা মণ্ডলে লগতে চৰকাৰে সহায় কৰিলে ইয়াক বৃহৎ ৰূপত গঢ় দিয়া আশা সীমাৰ।

