মুকালমুৱাত নিচাজাতীয় ঔষধসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগা গাঁওত অভিযান চলায় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইনুল হ’কক নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰে ৷ ধৃত মইনুল হ’কৰ পৰা আৰক্ষীয়ে নগদ পঞ্চাছ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধৃত মইনুল হ’কৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে গোচৰ কৰি এনডিপিএছ আইনৰ অধীনত ধৃত মইনুল হকক গ্ৰেপ্তাৰ কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷

Related Articles