ওদালগুৰি জিলাত সেউজ বিপ্লৱৰ সূচনা কৰিছে যদিও বিশ্বজুৰি ক’ভিড-১৯ অতিমাৰীৰ ফলত সৃষ্ট লকডাউনে প্ৰচণ্ড মাধমাৰ শোধাইছে।বহু আশা শ্ৰম ঘামৰ বিনিময়ত আৰ্জিত সামান্য মূলধনেৰে নিজৰ খেতি মাটিত খেতিয়ক সকলে খেতি পথাৰ সেউজীয়া কৰি অনাই বনাই ঘূৰি ফুৰা নিবনুৱা যুৱক বা যুৱতীসকলক খেতিৰ প্ৰতি মন মেলিবলৈ বাধ্য কৰাইছে যদিও কোৰোকালীন সময়ছোৱাত মূৰত প্ৰচণ্ড ৰাম টাঙোন শোধাইছে।ওদালগুৰি জিলাৰ স্বপনগাঁও, কালাঝাৰ,ৰৌতা ,বটা বাৰী আদিত উন্নত জাতৰ ষ্ট’বেৰী,তৰমুজ, চাহ ,ৰবৰ খেতিৰে পথাৰ ভৰি পৰিছে কিন্তু চৰকাৰৰ বহু প্ৰত্যাশিত পথাৰো আমাৰ বজাৰো আমাৰ আঁচনি ধোঁৱা চাঙত উঠিছে।যাৰফলত খেতিয়ক সকলে মূৰে কপালে হাত সাৱটি বহি থকাৰ বাদে অন্য উপায় নোহোৱা হৈছে।তথাপিও হাত সাৱটি বহি নাথাকি ওদালগুৰি চহৰৰ বাসিন্দা ওদালগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা জোনাকী দৈমাৰীয়ে কালাঝাৰ অঞ্চলত সাত বিঘা মাটিত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি সুন্দৰ নিদৰ্শন দেখুৱাই সেউজ বিপ্লৱ গঢ়ি তুলি আন দহ গৰাকী উচ্চ শিক্ষাৰে শিক্ষিত যুৱক তথা যুৱতীৰ দৃষ্টি আকৰ্ষণ কৰিছে।আনহাতে ভৈৰৱকুণ্ডৰ স্বপন গাঁৱত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৈয়ো পৰিমল দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ খেতি পথাৰত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ যুৱক -যুৱতীসকলক বাট কাটি দি মহৎ আদৰ্শ দেখুৱাই সুনাম কঢ়িয়াই আনিছে।বিশ্বব্যাপী কোৰোনা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।কাৰণ খেতি আছে ফলো আছে নাই উৎকৃষ্ট বজাৰ।যাৰফলত ড্ৰেগন ফল পকি সৰি আলাই আথানি হৈছে।বিটিআৰ বা অসম চৰকাৰ কৃষি বিভাগে খেতিয়ক সকলক সকাহ দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেইটোহে লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ