ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী ক’ভিডে। ইতিমধ্যে ৰাজ্য প্ৰশাসনে যোৰহাটকে ধৰি মুঠ সাত খন জিলাত কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷ এই ক্ষেত্ৰত বিশেষকৈ যোৰহাট জিলা প্ৰশাসন নিয়ম ভংগকাৰী সকলৰ বিৰূদ্ধে অধিক কঠোৰ হোৱা দেখা পোৱা গৈছে ৷ আজি পুৱাৰে পৰা টীয়কটো তৎপৰ হোৱা দেখা গৈছে প্ৰশাসনক । পুৱা টীয়ক আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়ত কৰা প্ৰত্যেকখন বাহনৰ নথি পত্ৰ পৰীক্ষা কৰে। ইফালে টীয়ক, লাহদৈগড়, কাকজান আদিৰ নগৰৰ লগতে গ্ৰাম্যঞ্চলত সেনাই ফুট মাৰ্চ কৰি ক’ভিড নিয়ম ভংগকাৰী সকলক আতক কৰে ৷ অসম আৰক্ষী, সেনা অৰ্ধ সামৰিক বাহিনী, এন ডি আৰ এফৰ বিশাল বাহিনীয়ে ফুটমাৰ্চ কৰি বিভিন্ন কন্টেনমেন্ট জ’ন সমূহ পৰ্য্যবেক্ষন কৰে৷ ইয়াৰ পূৰ্বেও জিলা উপাযুক্ত, জিলা আৰক্ষী অধিক্ষকে আহি টীয়কৰ বিভিন্ন গ্ৰাম্যঞ্চল বিশেষকৈ যোৰহাটৰ ভিতৰত সৰ্বাধিক ক’ভিড ৰোগী থকা চিন্তামণি গড় অঞ্চলত উপস্থিত হৈ দ্ৰোণ কেমেৰাৰ সহায়েৰে কন্টেইনমেন্ট জ’নৰ ভিতৰৰ পৰিবেশ পৰ্য্যবেক্ষন কৰে ৷

