সমগ্ৰ শিক্ষা, বৰপেটাৰ উদ্যোগত আৰু বৰপেটা জিলাৰ শিক্ষক নয়ন কুমাৰ দাস, প্ৰসেনজিত শৰ্মা আৰু চন্দন কুমাৰ দাসৰ নেতৃত্বত অলপতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ভিডিঅ’ প্রস্তুতকৰণ সম্পর্কীয় এখন অনলাইন প্রশিক্ষণ গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হয়। বৰপেটা মহকুমাৰ বিদ্যালয়সমৃহৰ উপপৰিদৰ্শক হৰেন্দ্ৰনাথ দাসে ভার্চুৱেল প্রশিক্ষণটি উদ্ধোধন কৰে আৰু তেওঁ
সকলো শিক্ষক শিক্ষয়ত্ৰীকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাৱি অনলাইন পাঠ দান কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) চিতাংগ ডেকাই ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বৰ্তমানৰ এই জটিল পৰিস্থিতিত ছাত্র ছাত্রীসকলৰ শৈক্ষিক ক্ষতিপূৰণ কেনেকৈ পূৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু বিকল্প ব্যৱস্থাৰ অন্যতম এক আহিলা হিচাপে শিক্ষক সকলক পাঠদানৰ ভিডিঅ’ প্রস্তুত কৰিবলৈ আহ্বান জনায়।
বৰপেটা জিলাৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰা এই প্রশিক্ষণটিত সমল ব্যক্তিৰূপে ১৯৪৮ নং মধ্য ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক চন্দন কুমাৰ দাস, ১১২২ নং নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰসেনজিত শৰ্মা, ৪৩৫ নং বৰকাপলা প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী নিবেদিতা হাজৰিকা, ১৯৬৮ নং মৈঠাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষক নয়ন কুমাৰ দাস, ৪৩ নং বনিয়াকুছী প্ৰা বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী ধীৰামনি ডেকা, পশ্চিম ডালৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ আব্দুল মুটালিব আৰু আব্দুল জলিল উপস্থিত থাকে। প্রশিক্ষণকালত সমল ব্যক্তিসকলে ক’ভিড মহামাৰীৰ পৰিস্থিতিত ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলৰ উপকাৰ হোৱাকৈ কিদৰে পাঠদানৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰি তাক হাতে কামে কৰি দেখুৱায়। প্রাথমিক বিদ্যালয়ৰ ভিডিও প্ৰস্তুতকৰণ ক্ষেত্ৰত পাঠসমূহ কণ কণ ছাত্র-ছাত্রীৰ মনোগ্রাহী আৰু সহজে বোধগম্য হোৱাৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰে। ভিডিও প্ৰস্তুতকৰণৰ এই প্ৰশিক্ষণত তেওঁ লোকে X-Recorder, WPS, Kinemaster, Print and screen Recording ইত্যাদিৰ ব্যৱহাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। প্ৰায় ৩ ঘণ্টাৰ এই প্ৰশিক্ষণৰ পিছত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, বৰপেটাৰ প্ৰবক্তা শ্ৰদ্ধাৰ ভানু ডেকাই বিভিন্ন ভিডিও প্ৰস্তুতকৰণৰ ‘এপ’ সম্পৰ্কে শিক্ষক সকলৰ আগত এক বৰ্ণনা দি ভিডিও এদিটিংৰ সকলো প্ৰয়োজনীয় কথা খুব কম সময়ৰ ভিতৰতে মনোগ্ৰাহীকৈ আগবঢ়ায়। তেওঁৰ পিছতে ডায়েট বৰপেটা আন এজন প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা মহোদয়ে ভিডিও বনাওতে মন কৰিবলগীয়া গুণগত দিশৰ সকলো কথা মূলত ব্যাকৰণ, উচ্চাৰণ আদিৰ বিষয়ে সকলো শিক্ষক প্ৰশিক্ষাৰ্থীৰ আগত বৰ্ণনা কৰে। তেওঁ অনলাইন শিক্ষাৰ প্রয়োজনীয়তা আৰূ ইয়াৰ মনোবৈজ্ঞানিক তথা কাৰিকৰী দিশৰ ওপৰতো কম সময়তে বহলভাৱে আলোকপাত কৰে। ভার্চুৱেল এই প্রশিক্ষণটিত উপস্থিত থাকি বৰপেটা শিক্ষাখণ্ডৰ সহ-পৰিদৰ্শক নিয়তি পাঠকে
খুবেই আনন্দিত হৈ কয় যে প্রশিক্ষণটিয়ে শিক্ষক সমাজৰ যথেষ্ট উপকাৰ সাধন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতিপূৰণ পূৰোৱাত সহায় কৰিব। শেষত সকলোৱে সমগ্ৰ শিক্ষা বৰপেটাক এই মহান কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এনেকুৱা কাৰ্যসূচী পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।
বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ উদ্দেশ্যে ভিডিঅ’ প্ৰস্তুতৰ অনলাইন প্ৰশিক্ষণ

