নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাকুছি গাওঁবাসীৰ হৈ আজি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । স্মাৰক পত্ৰ খনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক প্ৰকাশ কৰে যে, যোৱা ২০১১ চনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নাৰায়নপুৰৰ উত্তৰ দিশে ভাৰত পেট্ৰলিয়ামৰ এটা তেল ডিপো আৰু তাৰ পিছত গঢ় লৈ উঠা ক্ৰমে বিষ্ণু ধাবা আৰু প্ৰভাতি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান তিনিখনৰ ভুলৰ বাবে প্ৰাকৃতিক নলা এটাৰ বোৱতী পানীৰ ধাৰ বন্ধ হৈ পৰিছিল । সেই সময়তে উদ্ভৱ হোৱা দুৰ্যোগৰ বিষয়ে ৰাইজে তথা উক্ত প্ৰতিষ্ঠান কেইখনৰ ভুমিৰ স্বত্ত্বাধিকাৰী সকলক বহুবাৰ মৌখিকভাৱে অৱগত কৰাইছিল যদিও আজিলৈ ৰাইজে কোনো সুফল নাপালে । যাৰ ফলস্বৰূপে পানীৰ সোঁত সলনি হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ পিছফালেৰে ব’বলৈ লয় । কিন্তু বিগত ২০২০ চনত ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ পিছফালে আন এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত পানীৰ আংশিক সোঁতৰ পথটোও বন্ধ হৈ পৰে । ইয়াৰ ফলত ৰাইজে দীৰ্ঘ সময় ধৰি ভুগি থকা সমস্যাটো এইবেলি অধিক জটিল হৈ পৰিছে । গাওঁবাসীৰ প্ৰতিঘৰৰ ভিতৰত এক আঠু পৰ্যন্ত পানীয়ে জীৱন বিপৰ্যস্ত কৰি তুলিছে । তদুপৰি পশুধন আৰু খেতি বাতিৰো বিস্তৰ ক্ষতিসাধন কৰিছে । ক’ভিড মহামাৰীৰ সময়ত এনে দুৰ্যোগে ৰাইজক অধিক সংকটতত পেলাইছে বুলি স্মাৰক পত্ৰ খনত মন্তব্য প্ৰকাশ কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সেইবাবে এই স্মাৰক পত্ৰৰ জৰিয়তে বিগত বছৰ বছৰ ধৰি ৰাইজে ভুগি থকা এই দুৰ্যোগৰ স্থায়ী সমাধান কৰিত দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে নলবাৰী জিলা উপায়ুক্তক আহ্বান জনায় ।

