সম্প্ৰতি ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে ।জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈছে । খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি গৃহহীন,শাৰীৰিক ভাৱে অক্ষম লোক সকলো এসাঁজ খাদ্যৰ কাৰণে জীয়াতু ভূগিবলগীয়া হৈছে । যিহেতু তেওঁলোকৰ খোৱা বোৱা নিৰ্ভৰ কৰে কোনো হৃদয়ৱান লোকৰ ওপৰত বা হোটেল আদিয়ে দিয়া খাদ্যৰ ওপৰতে ।যোৰহাট নগৰতো জনজীৱন সম্পূৰ্ণ ভাৱে অচল হৈ পৰিছে।হোটেল, দোকান-পোহাৰ সকলো বন্ধ। গতিকে এই সময়ছোৱাত এই যন্ত্ৰণাগ্ৰস্ত লোকসকলৰ খোৱা বোৱাত অসুবিধা হোৱাটো স্বাভাৱিক। জীয়াই থাকিবৰ বাবে আতুৰ এই বিষাদগ্রস্থ লোকসকলৰ কাষত থিয় দিছে সামাজিক সংস্থা “একাঁজলি সহায়” । আজি তিনি দিন ধৰি পৰ্যায়ক্ৰমে যোৰহাট নগৰৰ বিভিন্ন ঠাই যেনে- তৰাজান,অজন্তা বাইপাছ, মালৌ আলি, মাছৰ হাট, গড় আলি, দেৱাল ৰোড, লাহতি, যোৰহাট ৰে’লৱে ষ্টেচন, কে.বি. ৰোড, বৰুৱা চাৰিআলি আদি ঠাইত থকা গৃহহীন আৰু মানসিক ভাবে বিকাৰগ্রস্থ লোক সকলক এসাঁজ খাদ্যৰ লগতে মাস্কৰ যোগান ধৰে এই সামাজিক সংস্থাটোৱে । ক’ভিড সৃষ্ট আতংকই জোকাৰি পেলোৱা এই জটিল বিপদৰ সময়ত একাঁজলী সহায়’ৰ এই পদক্ষেপে পদপথৰ লোক সকলক উপকৃত কৰিব। ৰাজ্যৰ জটিল সময়ৰ প্ৰেক্ষাপটত ‘একাঁজলী সহায়’ৰ এই পদক্ষেপ মানৱতা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অলপমান হ’লেও সহায়ক হ’ব।অসহায় সকলক সহায় কৰাৰ স্বাৰ্থত একাঁজলী সহায়ে যি পদক্ষেপ লৈছে তাক যোৰহাটৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

