মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ যুটীয়া আভিযানত সংগঠনটোৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে ৷ আজি বোকাখাত আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ৷ ক’ভিড ১৯ ৰ ভয়াৱহ গণ সংক্ৰমণৰ মাজতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা মনিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ৷ এনে গঁড় হত্যাকাৰীৰ বিপক্ষে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ সোমবাৰে ২৪ ঘন্টা ধৰি মণিপুৰত গঁড় হত্যাকাৰীৰ বিৰুদ্ধে চলা অভিযানত এটা গঁড় হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মনিপুৰৰ চূড়াচান্দপুৰ জিলাৰ একে আৰক্ষী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা চিকাৰীটো থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠান ৷ বোকাখাত আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত দহজনীয়া এটা দলে চলোৱা অভিযানত সহযোগ কৰে মণিপুৰ আৰক্ষীয়েও ৷ ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে ওৰফে নেংজাথাম ভাল্টে আৰু নগাঁৱৰ চাইমন লাক্ৰা নামৰ দুটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চিকাৰী দুটাৰ স্বীকাৰোক্তি ভিত্তিত থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত গোচৰ নং ১৯৫/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/১২১(এ)/৩৭৯/৪১১, আৰ/ডব্লিউ আইনৰ ১৭/১৮ইউ এ(পি)/৫১(১৮) আৰু বন সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিতেই
থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানক বোকাখাত আৰক্ষী থানাৰ অভিযানকাৰী দলে মনিপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি আজি বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ অধিক সোধপোচৰ বাবে আডালতে পাঠানক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাৎ দিয়ে ৷ এই অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি,পি,সিঙে বুলিও সংবাদমেলত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে জানিবলৈ দিয়ে ৷ ধৃত চিকাৰীটোৱে বানৰ সময়ত কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলত স্থানীয় চোৰাং চিকাৰীৰ সৈতে মিলি গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!