ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল গাৱৰ হাইনাশ্ৰী কলিতা নামৰ প্ৰসুতিগৰাকী পূৰ্বৰে পৰা ডাঃ মেধীৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল ।যোৱা ৩० জুনত প্ৰসুতিগৰাকীৰ হঠাৎ পেটৰ বিষ অহাত ডাঃ মেধীৰ লগত যোগাযোগ কৰাত ডাঃ মেধীয়ে চিকিৎসালয়খনত সেইদিনা দায়িত্বত থকা অন্য এগৰাকী চিকিৎসকক দেখুৱাবৰ পৰামৰ্শ দিয়ে। পিছদিনা ডাঃমেধীৰ লগত যোগাযোগ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমত DEXASONE নামৰ বেজী এটা দিয়ে আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যলয়লৈ যাবলৈ পৰামৰ্শ দিয়ে কিন্তু প্ৰসুতিগৰাকীয়ে কিছু সুস্থ অনুভৱ কৰি ঘৰলৈ ঘুৰি আহে যদিও পুনৰ বিষ অনুভৱ কৰে আৰু সেইসময়ত ডাঃ মেধীৰ লগত যোগাযোগ কৰি বিফল হোৱাত আদবাটতে বাইহাটা চাৰিআলীৰ এজন চিকিৎসকক দেখুৱাই যদিও চিকিৎসকে প্ৰসুতিগৰাকীৰ সন্তানটো গৰ্ভতে মৃত্যু হোৱা বুলি জনাই । এই কথা জানিবপাৰি হতচকিত হৈ পৰে প্ৰসুতিগৰাকী আৰু তেওঁৰ স্বামী, ইয়াৰ পিছত গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হস্পিতালত মৃত সন্তানটি প্ৰসৱ কৰাই। ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ন্যায় পোৱাৰ আশাৰে যোৱা ०৮ জুন তাৰিখে ৰঙিয়া থানাত দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছে । আনহাতে চিকিৎসক গৰাকীয়ে সাংবাদিকৰ আগত সম্পূৰ্ণ দায়িত্ব সহকাৰে প্ৰসুতিগৰাকীৰ চিকিৎসা কৰা বুলি দাবী কৰাৰ ওপৰিও এজন দায়িত্বশীল চিকিৎসক হিচাপে যি ধৰণৰ ঔষধ পাতি ,পৰামৰ্শ দিব লাগে এই সকলোখিনি দিয়া হৈছে বুলি দাবী কৰে। চৰকাৰী চাকৰি থকাৰ পিচতো কিয় ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা কৰে বুলি প্ৰশ্ন উত্থাপন হোৱাৰ বিষয়ে উত্তৰ দি কয় যে তেওঁ যিহেতু চৰকাৰৰ পৰা এন পি এছ নলয় সেয়েহে আজৰি সময়ত তেওঁ ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা আগবঢ়াব পাৰে বুলি জনাই।এইক্ষেত্ৰত আদালাতত সমস্ত তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰা হʼব । তেওক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে এইধৰণৰ অভিযোগ কৰা বুলিও আক্ষেপ প্ৰকাশ কৰে । লক্ষণীয়ভাবে জিন্তু কলিতাই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পলমকৈ ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল,এয়াও এক প্ৰকাৰ ৰহস্যৰ বিষয়। তদন্তৰ অন্তত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব কোন সচাঁ কোন মিছা ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…