সম্প্ৰতি বিশ্বনাথ জিলাত ক’ৰণা অতিমাৰীৰ ফলত জিলা প্ৰশাসনে কালিৰে পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কিছু দিনলৈ জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিপনী সমূহ খোলা ৰাখিছিল যদিও ক’ৰণা সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত নতুন বিধি অনুসৰি সম্পূৰ্ণকৈ লকডাউনৰ ঘোষণা কৰিছে। ইপিনে ৰাজ্যত ক’ভিড পৰিস্থিতি সৃষ্টি হোৱাৰ পৰাই ৰাজ্যখনৰ চাহ বাগিচাসমুহ নিয়মীত ভাবে কাম চলি থকাৰ মাজতে বিশ্বনাথ জিলাৰ নদুৱাৰ অন্তৰ্গত বৃহত্তৰ দিকৰাই চাহ বাগিচাত যোৱা সোমবাৰে বাৰ্ষিক ‘বুড়া বাবা’পূজা অনুষ্ঠিত হৈ যায়।অৱশ্যে বাগিচাখনত পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা বুড়া বাবা পূজা ভাগ বিগত দিনৰ যাক-যমকতাৰ পৰিবৰ্তে এই বেলি পূজা ভাগ অনুষ্টুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দিকৰাই চাহ বাগিচাৰ মাজমজিয়াত ঊনৈশ শ শতিকাতে স্থাপন হোৱা বুড়া বাবা থানত বিশেষকৈ শিৱ ৰাত্ৰি,বল বোমৰ লগতে বাগিচা খনৰ বাৰ্ষিক বুড়া বাবা পূজা ভাগ অনুষ্ঠিত হৈ অহাৰ লগতে প্ৰায়েই অঞ্চলটোৰ ৰাইজে পূজা অৰ্চনাও শৰাই আদি আগবঢ়াই অহা পৰিলক্ষিত হয়। লোক বিশ্বাস অনুযায়ী বুড়া বাবা থানত পূজা অৰ্চনাৰে মনোবাঞ্চা পূৰন হোৱাৰ উপৰিও বিশেষকৈ দিকৰাই চাহ বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ অপায়-অমংগল দূৰ হোৱা আৰু বাগিচাখনৰ শ্ৰীবৃদ্ধি হোৱাত সহায় কৰি আহিছে বুলি ৰাইজে বিশ্বাস কৰি আহিছে। ইপিনে পূজা ভাগত বিশ্বনাথ মণ্ডলৰ চাহ মজদুৰ সংঘৰ সম্পাদক নগেন গোৱালা আৰু দিকৰাই চাহ বাগিচা গোটৰ সভাপতি সুনিল নায়কৰ লগত হোৱা আচুতীয়া সাক্ষাৎকাৰত বৰ্তমাণ জিলাখনৰ অন্তৰ্গত বাগিচা সমুহত ক’ৰণা সংক্ৰমণ নিয়ন্ত্ৰণৰ দিশত আছে বুলি কোৱাৰ লগতে স্বাস্থ্য বিভাগে প্ৰদান কৰা ক’ভিড ভেকচিন প্ৰায় ৭০ শতাংশ লোকে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…
- অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…