১৩ জুলাইত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক’ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু সহঃ আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে মাজবাট নগৰৰ মাজমাজিয়াত কৰোণা সংক্ৰান্ত সজাগতা অনাৰ লগতে বাটৰুৱা সকলক কভিড পৰীক্ষা কৰাই থকা পৰিলক্ষিত হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা টিমে মাজবাট টাউনত বাটৰুৱা সকলক ধৰি ,মাতি আনি ক’ভিড পৰীক্ষা চলোৱা স্বাস্থ্য কৰ্মী সকলৰ সতে ওদালগুৰি জিলা সহঃ আয়ুক্ত আৰু মাজবাটৰ চক্ৰ বিষয়াই ৰাজপথত বজাৰ হাট কৰিবলৈ ওলাই অহা লোক সকলৰ মাজত ক’ভিড সংক্ৰান্তত সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে বাটৰুৱা সকলক মাতি আনি কৰোণা টেষ্ট কৰাই থকা পৰিলক্ষিত হৈছে । প্ৰশাসনৰ লোকক এইদৰে সজাগতা অনাত ব্যস্ত হোৱা দেখি মাজবাটৰ সচেতন মহলেও শলাগিছে । মাজবাটৰ অন্যতম সক্ৰিয় বিজেপি যুৱ নেতা বৰ্তমান ওদালগুৰি জিলা কৰোণাৰ সংক্ৰান্তত জিলা বিজেপিৰ ফালৰ পৰা দায়িত্বত থকা যুৱ নেতা কিশোৰ শৰ্মাই কয় যে মাজবাটৰ দৰে দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকা সময়ত ওদালগুৰি জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা পদক্ষেপ প্ৰশংসনীয় হৈ পৰিছে ৷আনহাতে ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩ জুলাইত ওদালগুৰিত ২৭ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৩জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৪১১৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৩জুলাইত ১৭৩৩গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৭গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪১১৫ কভিড আক্ৰান্তৰ ভিতৰৰ ৩৮১৪ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ২২০ আইচিলেচনত, ২৩৬ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ১৩ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৪৪৮৪০গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ৪৭১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী কভিড চিনাক্ত কৰা হৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…