মাজবাটৰ ১নং মনাই গাৱত ডাইনী হত্যাৰ সম্পৰ্কে সজাগতা সভা

ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত  ১৩ জুলাইত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মনাই গাৱত ডাইনী সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । শিক্ষা দীক্ষা স্বাস্থ্য আদি সকলো দিশতেই বাৰুকৈ পিছ পৰি যায় । এই খন গাওঁতেও যোৱা ২৫  জুনত সংগঠিত হৈছিল ডাইনী হত্যাৰ দৰে এক ভয়াবহ ঘটনা । ফুলমতী গোড নামৰ এগৰাকী সন্তানহীন মহিলাক গাঁওখনৰ একাংশ লোকে ডাইনী অতি সজাই নৃশংস ভাবে মৰিয়াই মৰিয়াই হত্যা কৰি বস্তাত ভৰাই ধনশ্ৰী নদীত উটুৱাই দিছিল । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন কৈ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । অন্ধ বিশ্বাস , কুসংস্কাৰ আদিৰ সম্পৰ্কত  গাঁওখনত এক সজাগতা আনিবলৈ ক’ভিড প্ৰটকল মানি আয়োজন কৰা সভাত চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সম্পাদক হেমন্ত কুমাৰ মহাতোৱে ডাইনী , অন্ধ বিশ্বাসৰ ওপৰত আলোকপাত কৰি এই বিজ্ঞানৰ যুগত এনে কৰ্মৰ পৰা আঁতৰি থাকিবলৈ  আহ্বান জনায় । জিলা সভাপতি ৰামকৰণ গৌড় ডাইনী সজাই নিৰীহ লোক হত্যা কৰা অমানৱীয় ঘটনাত গাঁওৰ ওচৰ পাজৰৰ ওজা ,বেজ বেজালি কৰা লোকেই দায়ী বুলি মত প্ৰকাশ কৰি বেমাৰ আজাৰ হলে ওজা বেজৰ ওচৰত যোৱাৰ সলনি চিকিৎসালয়তে যাবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে ছয় শতাধিক লোকে বসবাস কৰা গাঁওখনত এজন মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ যুৱক আছে ।ছোৱালী সকলেও প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণহে অষ্টম ,নৱম মানত স্কুলীয়া শিক্ষা সামৰণি মাৰে । গাঁওখনত আজিলৈকে কৰোণা টেষ্ট নোহোৱাত কোনো ভেকচিন নোলোৱাৰ ক্ষেত্ৰত সভাই আশ্চৰ্য প্ৰকাশ কৰে । জিলা সভাপতি ৰামকৰণ গৌড়ে  কৰোণানাৰ বাবে লব লগীয়া সম্পৰ্কেও সভাত বহলাই বাখ্যা ৰাখে । এই সজাগতা সভাত ৰাইজৰ মাজত মাস্ক,চেনিজাইজৰ বিতৰণ কৰা হয় ।উক্ত সভাত জিলা সমিতিৰ সভাপতি ৰামকৰণ গৌড় ,মাজবাট আঞ্চলিক সম্পাদক ভিকেছ গৌড় ,শিক্ষক লক্ষণ গৌড় , ৰঞ্জিত গৌড় ,বন্ধন গৌড় ,ডাইনী সজাই হত্যা কৰা ফুলমতীয়া গৌড় দেৱৰ চহনলাল গৌড় ,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক  নব কুমাৰ ডেকা, গাঁও প্ৰধান যোগেন্দ্ৰ কিষান প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ৷

Related Articles