আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসম বাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে । প’লেণ্ডত অনুষ্ঠিত হব লগীয়া বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই গোলাঘাটৰ একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপ লৈ নিৰ্বাচিত হৈছে। বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। উল্লেখ্য যে, ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। সৰুৰে পৰা আৰ্চাৰীৰ প্ৰতি আকৰ্ষিত বিশালে প্ৰাথমিক পৰ্যায়ত কোনো আনুষ্ঠানিক প্ৰশিক্ষক নোলোৱাকৈয়ে নিজেই আৰ্চাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে বিশালৰ পিতৃ শান্তনু চাংমাইয়ে। সম্প্ৰতি হাৰিয়ানাত প্ৰশিক্ষণৰত বিশালৰ এই সাফল্যত অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক, ছাত্র ছাত্ৰী উৎফুল্লিত হৈ পৰিছে। বিশালে ২০১৩ চনৰ পৰা আন্তঃজিলাৰ প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০১৬/১৭ বৰ্ষত কোকৰাঝাৰৰ গোঁসাই গাঁৱত অনুষ্ঠিত হোৱা আন্তঃজিলা প্ৰতিযোগিতাত ২০ মিটাৰ আৰু অলিম্পিক শাখাত সোণ বুটলিবলৈ সক্ষম হৈছিল। আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৬/১৭ চনতো মধ্য প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত হোৱা নেচনেল স্কুল গেমছত চিলভাৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশৰ ঢাকাত ২০১৯ত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত আৰু দলীয় ভাবেও ব্ৰঞ্জ লাভ কৰিছিল। ২০১৯ ত স্পেইনৰ মাড্ৰিদত হোৱা বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নচীপত ভাৰতীয় দলত অংশগ্ৰহণ কৰিছিল। বোকাখাতৰ লগতে সমগ্ৰ অসমবাসীয়ে ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপত বিশালে ভাৰতৰ তথা ৰাজখনলৈ পদক কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…