মিত্ৰজোঁটে দ্বিতীয় বাৰ চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছত অসমত চলি থকা বিভিন্ন ছেণ্ডিকেট ৰাজ বন্ধ কৰাৰ কাৰণে সক্ৰিয় বাবে কাম কৰি থকাৰ সময়ত হোজাই জিলাৰ বনজ সম্পদৰ ওপৰত ব্যাপক ৰূপত চেণ্ডিকেট চলি থকা পৰিলক্ষিত হৈছে । এই বন চেণ্ডিকেটক লৈ সংবাদ মাধ্যম দ্বিখণ্ডিত হোৱা পৰিলক্ষিত হৈছে। কেতিয়াবা যদি কোনোবাই বালি চেণ্ডিকেটৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰে আন কিছুমানে ৰাজ পথত নামি শিলৰ ছেণ্ডিকেটৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। হোজাইত বনমাফিয়াই বন বিভাগক মেনেইজ কৰি শিল আৰু বালিৰ অবৈধ বেহা চলাই থকা দেখা পাই স্থানীয় সচেতন ব্যক্তি সকলে সামাজিক মাধ্যমত এই অবৈধ বনজ সম্পদ ধ্বংস যজ্ঞৰ ছবি ভায়ৰেল কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। এই বনজ সম্পদ ধ্বংস যজ্ঞৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ নোপোৱাত কিছুমানে আক্ষেপ প্ৰকাশ কৰিছে। কিছুমানৰ মতে শিল আৰু বালিৰ অবৈধ বেহাৰ লগত সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি জড়িত হৈ আছে। হোজাই জিলাৰ কাকী আৰু ডবকা ৰেঞ্জৰ এলেকাত বিভিন্ন গাঁৱত অবৈধ কাঠ ফলা মেইল চলি আছে , যমুনা নৈৰ পাৰা মেচিন লগাই অবৈধ বাবে বালি খনন কৰা হয়, ডবকা পাহাৰৰ পৰা অবৈধ বাবে শিল আনি ডবকাৰ পৰা সৰুপথাৰলৈকে চাৰি লাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে অবৈধ শিলৰ ৰমৰমীযা় ব্যৱসায় চলাই আছে। এখন চালানে তিনিবাৰ শিল বা বালিৰ খৰবৰাহ কৰাৰৰ অভিযোগ উত্থাপন হৈছে। কিন্তু হোজাই বন বিভাগে দেখিওঁ নেদেখাৰ ভাও জুৰি কুম্ভনিদ্ৰাত বহি থকাৰো অভিযোগ উত্থাপিত হৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…