ঢকুৱাখনাৰ খজুৱা তিনিআলিৰ পৰা মাতমৰা সংযোগী ৰাজ্যিক ঘাইপথটো দুইলেনযুক্ত কৰি নিৰ্মাণৰ বাবে চি,আৰ,এফ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ৪৮ কোটি ৮৫ লাখ ৩৭ হেজাৰ টকাৰ আবন্টন দিয়া হৈছিল পথ নিৰ্মাণকাৰী ঠিকাদাৰ গোষ্ঠী নাহাতাক।এই বৃহৎ পৰিমাণৰ পূঁজিৰে খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা নগৰ হৈ মাতমৰা সংযোগী পথচোৱা দুইলেনযুক্ত কৰি নিৰ্মানৰ নামত ঠিকাদাৰগোষ্ঠী নহাতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে।নিৰ্মীয়মান অৱস্থাত থকা উল্লেখিত ৰাজ্যিক ঘাইপথটোৰ খামন বিৰিণা অংশত থকা এটা অতি পুৰণি কালভাৰ্ট ভাঙি নতুনকৈ তাত কালভাৰ্ট সজাৰ বিপৰীতে ঠিকাদাৰ গোষ্ঠী নাহাতাই আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ সৈতে মিলি পথটোৰ নামত আবন্টিত টকাৰ লুণ্ঠনৰ অংকৰে পূৰ্বৰ দূৰ্বল কালভাৰ্টৰ দুইমূৰ সামান্য ভাঙি ৰ’দ জোৰা দি বহলকৈ নিৰ্মাণ কৰিবলৈ লৈছে।দুইলেনযুক্ত এটা ৰাজ্যিক ঘাইপথত এনেদৰে জোৰা-টাপলি মাৰি নিৰ্মাণ কৰা পকী কালভাৰ্টে কিমান দিন লাচটিংকৰিব তাক লৈও ৰাইজৰ সন্দেহ উপজিছে ! কিয়নো যিটো পূৰণি কালভাৰ্ট মাজত ৰাখি তাৰ দুইমূৰত ৰ’দ সংযোগ কৰি বহল কৰিবলৈ বিচাৰিছে তাৰ বহন ক্ষমতা এটা দুইলেনযুক্ত পথত চলিব লগা গধুৰ যান-বাহন পাৰাপাৰ হ’ব পৰাকৈ নাই।সেইয়ে এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে ঢকুৱাখনা প্ৰশাসনক তদন্তৰ ব্যৱস্থা কৰি উচিত প্ৰদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…