বন ধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত গোলাঘাট আজি এখন অগতানুগতিক ছবি প্ৰতিফলিত হ’ল । বাসস্থান আৰু খাদ্যৰ অভাৱত জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ’ল গোলাঘাট চহৰত। ক্ৰমে হিংস্ৰ হৈ পৰা কপিকুলে এইবাৰ মানুহলৈ লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিলে । গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰায় চাৰি ঘন্টা ধৰি মানুহ আৰু কপিকুলৰ মাজত চলিল এই তয়াময়া ৰণ। মূলতে বিপদত পৰা বান্দৰৰ দলটোৰ এজন সতীৰ্থক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল এই কপিকুলৰ দলটোৱে । ঘটনাৰ সবিশেষ অনুসৰি , গোলাঘাট নগৰৰ শ্যাম ফেঞ্চি ষ্ট’ৰৰ চাটৰ ওপৰত এটা বান্দৰ খাদ্যৰ সন্ধানত আহি টিনপাতত লাগি থকা ৰছীত এখন ভৰি লাগি যোৱাত লৰচৰ কৰিব নোৱাৰা হ’ল বান্দৰটো।সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি থকা একাংশ মানুহে বিপদত পৰা কপিকুলক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও মানুহক বিশ্বাসত লব নোৱাৰি বাৰে বাৰে খেদি আহিছিল বান্দৰ দলটোৱে। অধিক হিংসুক হৈ পৰা কপিকুলে এবাৰ মানুহলৈ চোঁচা লয় আকৌ মানুহৰ দলটোৱে কপিকুলৰ দলটোলৈ চোঁচা লয়। এইদৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলিল বান্দৰ আৰু মানুহৰ এই বিৰল যুঁজখন। অৱশেষত বনবিভাগৰ দল আহি উপস্থিত হোৱাৰ পিছতহে দুয়োপক্ষৰ মাজৰ হোৱা সংঘাতৰ যেন অন্ত পৰিল । আৰু শেষত অতি কৌশলেৰে বনবিভাগৰ লোকে উদ্ধাৰ কৰে ৰচীত লাগি থকা আঘাতপ্ৰাপ্ত বান্দৰটোক। আৰু প্ৰায় চাৰি ঘন্টাজুৰি চলি থকা কপিকুল আৰু মানুহৰ যুজঁ খনৰ তেতিয়াহে অন্ত পৰে। গোলাঘাট চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা কপিকুলৰ লগত মানুহৰ সহৱস্থান এক সাধাৰণ কথা হৈ পৰিছিল যদিও আজি দুয়োপক্ষৰ মাজত হোৱা এই ৰণখনে এক ৰোমাঞ্চকৰ পৰিবেশৰ সৃষ্টি কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা