হোজাইত ট্ৰাক ড্ৰাইভাৰ সন্থাৰ প্ৰতিবাদ

 হোজাই এফ চি আই ৰোডৰ দূৰাবস্তাৰ বাবে প্ৰতিবাদত উলাই আহিল ট্ৰাক ড্ৰাইভাৰ সন্থাৰ লোকসকল। হোজাই চহৰৰ গাতে লাগি থকা উক্ত পথছোৱাত থকা বৃহত বৃহত গাত বোৰত এজাক বৰষুণ দিলেই ভৰিপৰে পানী। সদা ব্যস্ত উক্ত পথেৰে দৈনিক চলে বানিজ্যিক তথা ব্যক্তিগত বহু বাহন। আনকি উক্ত পথৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বহুজন, গাড়ী পাৰহৈ যাওঁতে পথত থকা গাতৰ পানী চিটিকাৰ ফলত পথচাৰীৰ গালী খাব লগা হৈছে চালক। অতি শোচনীয় উক্ত পথেৰে চলাচল কৰা গধুৰ বাহন সমূহ দূৰ্ঘটনা হোৱাৰো আশংকা ব্যক্ত কৰিছে চাকল সকল, ইয়াৰ বিষয়ে পূৰ্বেও বহুবাৰ বিভাগীয় কতৃপক্ষক আবেদন জনোৱা হৈছিল। অন্যহাতে এফ চি আই ৱেলফেয়াৰ ডেব্লভমেন্ট চ’ছাইটি নামৰ সন্থাৰ ড্ৰাইভাৰ কেইজনে মিলি ৰাইজৰ দান বৰঙনিৰে কিছু মেৰামতিও কৰি লৈছিল। অৱহেলিত উক্ত পথছোৱাৰ মেৰামতি দাবীত এইবাৰ প্ৰতিবাদত উলাই আহিল হোজাই জিলা অগ্ৰগামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়ণৰ লোক সকল। প্ৰতিবাদৰ পিছত সন্থাৰ সম্পাদক মো. নিজাম উদ্দিনৰ স্বাক্ষৰিত এখনি দৰ্শাস্ত হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষৰ দৃষ্টি আকৰ্শন বিচাৰি আৰু পথটি শীঘ্ৰে পকীকৰণ কৰি দিয়াৰ বাবে আবেদন জনায়।

Related Articles