ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।নলবাৰী কলেজৰ সন্মুখত কলেজ খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ । ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ ছাত্ৰী সকলে কৰিলে এই প্ৰতিবাদ । ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীলৈ অনুৰোধ জনাই কয় যে ” ৰাজ্য চৰকাৰে জাৰি কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ যি মূল্যাংকন কৰিছে তাৰ ওপৰত যেন আকৌ এবাৰ বিবেচনা কৰি শিক্ষাৰ্থী সকলৰ ওপৰত কৃপা কৰে । উচ্চতৰ মাধ্যমিকৰ Reappearence , Betterment আৰু compartmental দিব খোজা ছাত্ৰ ছাত্ৰী সকলৰ মুল্যাংকণ পদ্ধতিটো একেবাৰে গ্ৰহণ যোগ্য হোৱা নাই বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে কয়, ২০২০ বৰ্ষত পৰীক্ষা দি আশা কৰা ধৰনে ফলাফল নাপায় আকৌ এটা ভাল ফলাফলৰ বাবে পৰীক্ষা দিয়াৰ কথা ভবা 10% , 7% , 5% বঢ়াই দিম বুলি কৈছে ? চৰকাৰে লোৱা এনে কাৰ্যত মুঠেই সন্তুষ্ট নহয় ছাত্ৰ ছাত্ৰী সকল । এই ছাত্ৰ ছাত্ৰী সকলৰ সৰহসংখ্যকে 50 % / 60 % ৰ অধিক নম্বৰ পোৱা ছাত্র ছাত্ৰী । গতিকে এই মুল্যাংকণৰ ভিত্তিত ফলাফল ঘোষনা কৰিলে এইসকল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত অন্ধকাৰাচন্ন হব বুলিও মত ব্যক্ত কৰে ছাত্ৰ ছাত্ৰী সকলে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…