আজি সন্ধ্যা নগাঁও ৰূপহী পথাৰৰ ম’হখুলি-পলাশনিৰ মাজত আৰক্ষীয়ে এখন বাহনলৈ লক্ষ্য কৰি গুলি চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এ এছ ০৭ বি চি ২২৪৬ নম্বৰৰ টাটা ডি আই বাহন খনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে। এই গুলি চালনাৰ ঘটনাত কোনো লোকে আহত হোৱা নাই যদিও আৰক্ষীয়ে ৫ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা অহা এই গাড়ীখন মৰিগাঁৱৰ আৰক্ষীয়ে পিছা কৰি আহি নগাঁও আৰক্ষীৰ সহযোগত ম’হখুলি আৰু পলাশনিৰ মাজত গাড়ীখনলৈ গুলি চালনা কৰি ৰখাবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনত অহা ৫ জন যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ইয়াৰে এজনক লৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ একো কব বিচৰা নাই যদিও এক সূত্ৰই জনোৱা মতে বাহন খনত শাক-পাচলিৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে।শাক-পাচলিৰ ব্যৱসায়ৰ চলেৰে কৰিছিল ড্ৰাগছৰ সৰবৰাহ সন্দেহত আটকাধীন যুৱককেইজন ক্ৰমে- ছাইদুল হক, ছফিকুল আলী, নুৰুল হক চৌধুৰী, চাইদুল আলী আৰু চাদ্দাম হুছেইন ।যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ শিয়ালমাৰীত বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…