ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত থকা সভা গৃহত ১৪জুলাইত স্থানীয় প্ৰশাসনৰ উদ্যোগত মাজবাট পৌৰসভা গঠন সম্পৰ্কে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ সহায়ক শৰৎ বড়াই। সভাত মাজবাট পৌৰসভা গঠনৰ বাবে কিমান দূৰ এলেকা আৰু কিমান ভোটাৰৰ প্ৰয়োজন হ’ব এই লৈ বিতংভাৱে আলোচনা কৰাৰ লগতে মাজবাট নগৰখনৰ কাষতে থকা কোনকেইটা অঞ্চলক সামৰি লোৱা হ’ব সেই বিষয়েও আলোচনা কৰা হয়। সভাৰ শেষত অক্ষয় কুমাৰ কলিতা , পূৰ্ণৰাম ডেকা , সুভাষ চন্দ্ৰ বিশ্বাস , অৰবিন্দ ডেকা , মুনীন্দ্ৰ কলিতা , কৃষ্ণকমল শৰ্মা, কৃপাল গোস্বামী , ৰিমিশ লিণ্ডা , চেৰু মোছাহাৰী , জীৱন ডেকা , লোহিত ৰাভা , জনাৰ্দন কলিতা , ৰবীন্দ্ৰ বসুমতাৰী , দীপেন বড়া , জ্যোতিশ কলিতাক লৈ মাজবাট পৌৰসভাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে এখন পোন্ধৰজনীয়া সমিতি গঠন কৰে। উক্ত সমিতিখনক এলেকাৰ লাট মণ্ডল সকলক লগত লৈ অহা ২০ জুলাইৰ ভিতৰত ৰাইজৰ লগত আলোচনা মৰ্মে সুবিধা -অসুবিধা সমূহ আতৰাই নতুনকৈ গঠন হ’বলগীয়া মাজবাট পৌৰসভাৰ সীমা নিৰ্ধাৰণ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত খচৰা দাখিল কৰিবলৈ সভাই দায়িত্ব অৰ্পণ কৰে। সভাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰৰ লগতে শ্ৰম পৰিদৰ্শক ডেইটী ৰয় চৌধুৰী , মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মা , সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক যতীন নাথ, শিক্ষক ৰামকৰন গোঁড় অবসৰ প্রাপ্ত শিক্ষক মথোৰ চন্দ্র পাঠক আৰু অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ বিষয় ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…