চুলাই মদৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ অভিযান

বিশ্বনাথ আৰক্ষীয়ে আজি কিছুদিন ধৰি চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই  হাজাৰ হাজাৰ লিটাৰ চুলাই  মদ নষ্ট কৰি আহিছে । সেই দৰে আজি ইটাখোলা অঞ্চলৰ বিভিন্ন প্ৰান্তত ইটাখোলা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ কথা জানিব পৰা গৈছে ।জানিব পৰামতে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে ইটাখোলা অঞ্চলৰ বিভিন্ন  স্থানত অভিযান চলাই  অনুমানিক পঞ্চাশ লিটাৰৰো অধিক   চুলাই মদ নষ্ট কৰে । লগতে চুলাই মদ বেপাৰ কৰি নিজ পৰিয়ালৰ লোকৰ পোহপাল দি অহা বেপাৰী সকলক অন্য কৰ্ম কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে  সকিয়াই দিয়ে ।

Related Articles