ন ন কৌশল অৱলম্বন কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষীৰ লগতে দৰং আৰক্ষীও । তেনে চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান । জানিব পৰা মতে মঙ্গলবাৰৰ নিশাৰ এক অভিযানত ধূলাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । দৰঙৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত ধূলা আৰক্ষীৰ সহযোগত নিশা নাকা তালাচী চলায় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। তালাচীত ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৰ। মালবাহী টেম্পো গাড়ী এখনত ধানৰ বস্তাৰ মাজত ভৰাই লৈ গৈ থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা খিনি । ছয়টা ধানৰ বস্তাৰ মাজৰ পৰা ৬টা টোপোলাত সৰ্বমুঠ ৩১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গৌতম সিনহা নামৰ লোক এজনক আটক কৰে অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ধূলা থানাত ২২৮/২১ নম্বৰত এন ডি পি এছ আইনৰ ২০(b)(ii)(c) ধাৰাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…