মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ কৃষি সমূহ বাৰে বাৰে বিধ্বস্ত কৰে বানে। ফলত জিলা খনৰ কৃষক সকল প্ৰতি বছৰে মুখামুখী হয় ধানৰ কঠিয়াৰ সমস্যাত। এনে সমস্যাৰ বাবে অৱশেষত চন পৰি থাকে পথাৰ। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা কৃষি বিভাগৰ তত্বাৱধানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে নিজ গেৰুৱা কৃষি খণ্ড এলেকাৰো তাপতলা, বানমুৰী, হাতীমুৰীয়া আদি অঞ্চলত পথাৰ পৰিচালনা সমিতি, বিভিন্ন আত্মসহায়ক গোট বা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ধানৰ কঠিয়া পেলোৱাৰ পাছত আজি কৃষিখণ্ড টোৰ এলেকাৰ জামাদাৰী গাঁৱৰ পথাৰতো প্ৰায় চাৰি বিঘা মাটিত বাহাদুৰ স্বাৱ – ১ সঁচৰ ধানৰ কঠিয়া পাৰা হয়। যোৱা কালি সমূহীয়া কঠিয়া পাৰা কাৰ্যসূচীত ADO নীলকমল বৰা, নিজগেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালি, এ ই এ পংকজ বৰদলৈকে প্ৰমোখ্য কৰি বহু কেইজন আদৰ্শ কৃষক উপস্হিত থাকি কঠিয়া পাৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালিয়ে জানিব দিয়া মতে বৰ্তমানলৈ গেৰুৱা কৃষি চক্ৰটোত সৰ্বমুঠ পাঁচ হেক্টৰ মাটিত বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া সিচা হৈছে আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ বহু কৃষক উপকৃত হব। তদুপৰি বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া বা ধান গছ বাৰিষাৰ পানীত ১৫ দিন পৰ্যন্ত বুৰ গৈ থাকিলেও নষ্ট নহয়। ফলত এনে জাতৰ ধানৰ সচে বানাক্ৰান্ত অঞ্চলৰ কৃষকক যথেষ্ট লাভাম্বিত কৰিব বুলিও ভৰালিয়ে জানিব দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…