শুক্ৰবাৰে পূৱতি নিশা অৰুণাচল বান্দৰদোৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগ। জানিব পৰা মতে,পূৱতি নিশা প্ৰায় ১ মান বজাত বান্দৰদোৱাৰ পৰা অহা ডি আৰ ০১ জি কে৫০৮১ নম্বৰৰ আলু ভৰ্ত্তি ট্ৰাক খন বিশ্বনাথ চাৰিআলিত আবকাৰী বিভাগে ৰখাইছিল, যদিও ট্ৰকাখন নাৰাখি পাৰ হৈ যায়। পিছত ট্ৰাকখন আবকাৰী আৰু আৰক্ষীয়ে খেদি খেদি কুসুমটোলাত ধৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালক মহম্মদ হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাড়ীখনত আলু বস্তাৰ ভিতৰত ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০বস্তা আলু উদ্ধাৰ কৰে বিভাগটোৱে। ট্ৰাকখন বিহাৰলৈ গৈ থকা বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা আৰু বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…